নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আগিয়াত হিতাধিকাৰীৰ মাজত ৰাভা হাছঙৰ সামগ্ৰী বিতৰণ

নিয়মীয়া বাৰ্তা  ৩ ডিচেম্বৰ :- ৰাভা হাছঙ স্বায়ত্ব শাসন পৰিষদৰ ১৫ নং আগিয়া সমষ্টিত আজি হিতাধিকাৰীৰ মাজত কেত বোৰ অত্যাৱশ্যকীয় সা-সামগ্ৰী বিতঁৰন কৰা হয়। সমষ্টিৰ অন্তৰ্গত ডোৰাপাৰা প্ৰাথমিক বিদ্যালয় প্ৰাঙ্গনত আজি দিনৰ ১২ বজাৰ পৰা এই সামগ্ৰী সমূহ বিতৰন কৰা হয়। বালিজানা পঞ্চায়ত সভাপতি কুমাৰ ৰাভা, বিজেপি এছ,চি মৰ্চাৰ মণ্ডল সভাপতি চবিন দাস, বিজেপিৰ মণ্ডল সম্পাদক প্ৰদীপ নাথ, মহিলা মৰ্চাৰ সভানেত্ৰী বিভা নাথকে ধৰি যৌথ,বিজেপিৰ সমৰ্থক কৰ্ন্মী সকলৰ উপস্হিতিত ১৫ নং আগিয়া সমষ্টিৰ ৰাভা হাছং সদস্যা সূচিত্ৰা নাথে জানিৱলৈ দি কয় – ৩৫০ গৰাকী শিপিনী ৰ মাজত সূতা, এৰিমূগা পাট পলু পালক সকলৰ মাজত ১৮ টা ৰেচম সামগ্ৰী, চচপেন্ট, সংঘ,ক্লাৱক বাদ্য যন্ত্ৰ সামগ্ৰীকে ধৰি চাৰিশ হিতাধিকাৰীৰ মাজত অত্যাৱশ্যকীয় সা-সামগ্ৰী বিতৰন কৰা হয় বুলি জানিবলৈ দিয়ে।

You might also like