নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মৰিগাঁও জিলাৰ লাহৰীঘাটৰ কুশতলিত সদৌ অসম বাথৌ যুৱ সন্মিলনৰ প্ৰস্তুতি

নিয়মীয়া বাৰ্তা ৩ ডিচেম্বৰঃ  মৰিগাঁও জিলাৰ লাহৰীঘাটৰ কুশতলিত সদৌ অসম বাথৌ যুৱ সন্মিলনৰ প্ৰস্তুতি চলিছে । বড়ো জনজাতীয় লোকৰ ধৰ্মীয় অনুষ্ঠানটোৰ লগত সংগতি ৰাখি অয়োজন কৰা প্ৰগতিশীল নেতৃত্ব দি বড়ো সমাজ খনক অধিক প্ৰগতিশীল কৰি তোলাৰ ক্ষেত্ৰত যুৱ প্ৰজন্মৰ মাজত আয়োজন কৰা হৈছে যুৱ সন্মিলন খনি সুচাৰু ৰূপে পৰিচালনা কৰা বাবে ইতিমধ্যে গঠন কৰা হৈ শক্তি শালী অভ্যৰ্থনা সমিতি ।
অহা ৩০ আৰু ৩১ডিচম্বৰ ২০২২ তাৰিখে দুদিয়া কাৰ্যসূচীৰে লাহৰীঘাটৰ কুশতলি অনুস্হিত হ’ব চতুৰ্থ তম্ সদৌ বাথৌ যুৱ সন্হাৰ সন্মিলন খন । মৰিগাঁও জিলাৰ বথৌ সমিতিৰ উদ্যোগত অনুস্হিত এই সন্মিলন খনত বি টি ৰ ছীফ প্ৰমোদ বড়ো , বড়ো কছাৰী স্বায়ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য মিহিনেশ্দ বসুমতাৰী উপস্থিত থাকিব বুলি জনাইছে অভ্যৰ্থনা সমিতিৰ সভাপতি দিলীপ কুমাৰ বড়োবে । আজি আমগুৰি প্ৰাথমিক বিদ্যালয়ত অনুস্থিত হোৱা এখন প্ৰস্তুতি সভাৰ অন্তত বড়ো জানিবলৈ দিয়ে মতে বাৰেবৰণীয়া সাংস্কৃতি অনুষ্ঠান , মুকলি সভাৰ লগতে “ব্ৰুলুং বোথোৰ নি ৰুবোং ” নামেৰে এখন স্মৃতি গ্ৰন্থ প্ৰকাশৰ দিহা কৰা হৈচে । এই স্মৃতি গ্ৰন্থ খনৰ জড়িয়তে ব্ৰহ্মপুত্ৰ পৰীয়া সংগ্ৰামী সমাজ জীবনৰ ৰূপৰেখাক দাঙি প্ৰয়াস কৰা হ’ব । উল্লেখ্য যে মন্ত্ৰী পীয়ূষ হাজৰিকাক বাথৌ যুৱ সন্মিলন খনৰ অভ্যৰ্থনা সমতিৰ মুখ্য পৃষ্ঠ পোষক হিচাপে ৰখা হৈছে ।

You might also like