নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বহু আহিব বহু যাব, কিন্তু অগপ সদায় ৰাইজৰ লগত থাকিবঃ মৰিগাঁও অগপৰ সভা

নিয়মীয়া বাৰ্তা, ৩ ডিচেম্বৰঃ অগপ দুই শীৰ্ষ নেতা অতুল বৰা আৰু কেশৱ মহন্তৰ বিৰুদ্ধে বিদ্ৰোহ ঘোষণা কৰি সদ্য অগপ ত্যাগী নেতা বাণী দাসৰ নেতৃত্বত মৰিগাঁও বিধান পৰিষদৰ ২১খন আঞ্চলিকে দুদিন পূৰ্বে সমূহীয়া পদত্যাগ ঘোষণা কৰাৰ পিছতে আজি মৰিগাঁও জিলা অগপৰ কাৰ্যলয়ত এক জৰুৰী কৰ্মী সভা অনুষ্ঠিত হয়, য’ত উপস্থিত থাকে অগপৰ ভাতৃ সংগঠন অসম যুৱ পৰিষদৰ কেন্দ্ৰীয় সভাপতি জিতু বুঢ়াগোহাঁই ,উপ সভানেত্ৰী কংকনা হাজৰিকা, অসম ছাত্ৰ পৰিষদৰ সভাপতি তৃনয়ন হাজৰিকা, সম্পাদক ভাৰ্গৱ শৰ্মা, অগপৰ মুখপাত্ৰ কস্তুৰী চুতীয়া, যুৱ পৰিষদৰ নেতা গৌতম বৰা, অগপৰ জ্যেষ্ঠ নেতা খালিচুদ্দিন আহমেদ আদি বহু কেইগৰাকী বিশিষ্ট ব্যক্তি।

মৰিগাঁও জিলা অগপৰ সভাপতি শান্তনু শৰ্মাই আঁত ধৰা সভাখনত ভাষণ দি অগপৰ ভাতৃ সংগঠন যুৱ পৰিষদৰ সভাপতি জিতু বুঢ়াগোহাঁয়ে কয় যে অগপ দল কোনো হোটেলত সৃষ্টি হোৱা দল নহয়। ৮৫৫ জন শ্বহীদৰ কেঁচা তেজৰ ইতিহাস বুকুত লৈ সৃষ্টি হোৱা দল। সেইসকল অসমীয়া ডেকা-গাভৰুৰ তেজৰ মাজত সোমাই থকা সপোনৰ নাম অসম গণ পৰিষদ। সেয়েহে বাণী দাসৰ দৰে নেতাই দল এৰি গ’লেও অগপৰ কোনো ক্ষতি নহয়।

অগপ দলে যি সিদ্ধান্ত ল’ব, সেয়া অগপৰ তৃণমূল নেতা-কৰ্মী আৰু ৰাইজৰ স্বাৰ্থত ল’ব। অগপ-বিজেপিৰ সৈতে থকালৈকে সংখ্যালঘু লোকৰ আশংকাৰ কোনো কাৰণ নাই বুলি দোহাৰে।

You might also like