নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ জোনাই আঞ্চলিক সমিতিৰ ‘পথ সভা’

নিয়মীয়া বাৰ্তা, ২৭ জানুৱাৰীঃ নাগৰিকত্ব সংশোধনী আইন বাতিল আৰু অসমত আন্তঃৰাজ্যিক পাৰপত্ৰ প্ৰৱৰ্তনৰ দাবীত শনিবাৰে পুৱা ১১.৩০ বজাৰ পৰা বিয়লি ১ বজালৈকে দুঘণ্টাৰো অধিক সময় ধৰি জোনাই বজাৰৰ মাজমজিয়াত অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ জোনাই আঞ্চলিক সমিতিয়ে এক ‘পথ সভা’ কাৰ্যসূচী ৰূপায়ণ কৰে।

‘কা’ আমি নামানো , অসম চৰকাৰ হুচিয়াৰ, আন্তঃৰাজ্যিক পাৰপত্ৰ প্ৰৱৰ্তনৰ ব্যৱস্থা কৰক’ আদি শ্লোগানেৰে তীব্ৰ প্ৰতিবাদ জনায় ৷ আজিৰ পথ সভাত অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ ধেমাজি জিলা সমিতিৰ সভাপতি জ্ঞান শৰ্মাই অসমৰ ৰাইজৰ প্ৰতি থকা দায়বদ্ধতাৰ কথা স্বীকাৰ কৰি অসমত নাগৰিক সংশোধনী আইনখন শীঘ্ৰেই বাতিল কৰিবলৈ দাবী জনায়।

আনহাতে, অসমত আন্তঃৰাজ্যিক পাৰ-পত্ৰ ব্যৱস্থা প্ৰৱৰ্তনৰ দাবী জনায়৷ উক্ত সভাত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ জোনাই জিলা সমিতিৰ সভাপতি খগেন ডেকা, সম্পাদক সত্য হাজৰিকা, কেন্দ্ৰীয় কাৰ্যনিবাহক নীল গগৈৰ লগতে ছাত্র সংগঠটোৰ শতাধিক কৰ্মীয়ে অংশগ্ৰহণ কৰে৷

You might also like