নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

টুইটাৰে নিলম্বন কৰিলে ৫৫০ একাউণ্টঃ কৃষকৰ দিল্লী কাণ্ডৰ পাৰ্শ্বক্ৰিয়া

নিয়মীয়া বাৰ্তা, ২৭ জানুৱাৰীঃ গণৰাজ্য দিৱসত দিল্লীত কৃষকৰ ট্রেক্টৰ ৰেলীক লৈ সংঘটিত হিংসাত্মক ঘটনাক লৈ কঠোৰ পদক্ষেপ গ্ৰহণ কৰেলে ছোচিয়েল নেটৱৰ্ক ছাইট টুইটাৰে।

আজি টুইটাৰ কৰ্তৃপক্ষই প্ৰায় ৫৫০ৰো অধিক একাউণ্ট নিলম্বন কৰে। উল্লেখ্য, বিদ্বেষমূলক বার্তা তথা প্রৰোচনামূলক পোষ্টৰ যোগেদি হিংসাত্মক কাৰ্যত উচটনি দিয়া কাৰ্য টুইটাৰৰ নীতিবিৰুদ্ধ বুলি উল্লেখ কৰি টুইটাৰ কৰ্তৃপক্ষই এনে পদক্ষেপ গ্ৰহণ কৰে।

কৃষকৰ ট্ৰেক্টৰ ৰেলীয়ে ৰণক্ষেত্ৰত পৰিণত কৰা দিল্লীৰ লালকিল্লাতো নিজৰ পতাকা উৰুৱাইছিল কৃষকে। এই ৰেলীত প্ৰায় ৩০০ আৰক্ষী আহত হৈছিল আৰু অশুভ ঘটনাৰে জড়িত ২০০ কৃষকক আটক কৰে দিল্লী আৰক্ষীয়ে।

You might also like