নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মৰিয়নিৰ নকছাৰী গন্ধিয়াত আলি আয়ে লৃগাং পালন

নিয়মীয়া বাৰ্তা,  ১৫ ফেব্ৰুৱাৰী: মৰিয়নিৰ নকছাৰী গন্ধিয়া গাঁৱৰ ৰাজহুৱা খেলপথাৰত আজি উলহ মালহেৰে দিনজোৰা কাৰ্য্যসূচীৰে আলি আয়ে লৃগাং উদযাপন কৰা হয় । এই উপলক্ষ্যে আজি বৰ্ণাঢ্য কাৰ্য্যসূচীৰ আয়োজন কৰা হয় । পুৱা পতাকা উত্তোলন কৰি কাৰ্য্যসূচী মুকলি কৰে । ইয়াৰ লগত সংগতি ৰাখি বাৰে ৰহনীয়া সাংস্কৃতিক শোভাযাত্ৰাও বাহিৰ কৰা হয় । ইয়াৰ পিছতে শস্য সিঁ‌চা অনুষ্ঠান গুমৰাগ চঃমান অনুষ্ঠিত হয় । তাৰ পিছত ডেকা গাভৰু সকলোৱে মিলি গুমৰাগ নাচেৰে অনুষ্ঠান মুখৰিত কৰি তোলে । এই অনুষ্ঠানতে অঞ্চলটোৰ ৰাইজে আলি আয়ে লৃগাঙৰ দিনা চৰকাৰী বন্ধ দিবলৈ দাবী জনোৱা হয় । বিশিষ্ট কবি তথা সদৌ অসম কবি সন্মিলনৰ প্ৰাক্তন প্ৰধান সম্পাদক উজ্জল পাওগামে কয়- অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনগোষ্ঠী মিছিং সকলৰ পৰম্পৰাগত কৃষিভিত্তিক উৎসৱ আলি আয়ে লৃগাঙত চৰকাৰী বন্ধ দিব লাগে । তেওঁ কয়- আজিৰ দিনতো চৰকাৰী বন্ধ নিদিয়াৰ বাবেই ইচ্ছা থকা স্বত্বেও বহু লোক উৎসৱত অংশগ্ৰহণ কৰিব পৰা নাই । কেৱল মিছিং জনগোষ্ঠী লোকসকলেই নহয় অন্যান্য জাতি জনগোষ্ঠীৰো চাকৰিয়াল লোক সকলৰ ইচ্ছা থকা স্বত্বেও চৰকাৰী বন্ধ নোহোৱাৰ বাবে আহিব পৰা নাই । সেয়েহে চৰকাৰে বিবেচনা কৰি আলি আয়ে লৃগাঙত চৰকাৰী বন্ধৰ দিন ঘোষনা কৰিবলৈ আহ্বান জনায় । ইয়াৰ পিছতেই অনুষ্ঠিত অনুষ্ঠানত এইবাৰ অঞ্চলটোৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত কৃতিত্ব সহকাৰে উত্তীৰ্ণ হোৱা প্ৰায় পোন্ধৰ গৰাকী কৃতী ছাত্ৰ ছাত্ৰীক ৰাজহুৱা সম্বৰ্ধনা জনোৱা হয় । তাৰোপৰি এ পি এচ চি উত্তীৰ্ণ তৃষ্ণা মিপুনকো সম্বৰ্ধনা জনোৱা হয় । বিশিষ্ট সাহিত্যিক, শিক্ষাবিদ ড° মানিক শইকীয়া, কবি গংগামোহন মিলিকে আদি কৰি বহুকেইজন বিশিষ্ট ব্যক্তি উপস্থিত থকা অনুষ্ঠানটোত অংশগ্ৰহণ কৰি মৰিয়নিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে অঞ্চলটোৰ মুৰং ঘৰৰ বাবে তিনিলাখ টকাৰ অনুদান ঘোষনা কৰে । সন্ধিয়ালৈ অন্যান্য কাৰ্য্যসূচীৰ লগতে আমন্ত্ৰিত শিল্পীৰ সংগীতানুষ্ঠান আৰু সাংস্কৃতিক কাৰ্য্যসূচী অনুষ্ঠিত হয় ।

দিব্যজ্যোতি শইকীয়া

You might also like