নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

তিনিচুকীয়াত জল জীৱন মিছনৰ কামকাজৰ অগ্ৰগতি সন্দৰ্ভত উপায়ুক্ত স্বপ্নীল পালৰ গুৰুত্বপূৰ্ণ সভা

নিয়মীয়া বাৰ্তা,  ১৫ ফেব্ৰুৱাৰী:  তিনিচুকীয়া জিলাত জল জীৱন মিছনৰ সফল ৰূপায়নৰ ক্ষেত্ৰত বিশেষভাবে গুৰুত্ব আৰোপ জিলা উপায়ুক্ত স্বপ্নীল পালৰ। জিলাখনত ভাৰত চৰকাৰৰ ধ্বজাবাহী আঁচনি জল জীৱন মিছনৰ কামকাজৰ অগ্ৰগতি তৰান্বিত কৰাৰ উদ্দেশ্যে এখনি গুৰুত্বপূৰ্ণ সভা আজি জিলা উপায়ুক্ত কাৰ্য্যালয়ৰ সভাকক্ষত উপায়ুক্ত স্বপ্নীল পালৰ অধক্ষ্যতাত অনুষ্ঠিত হয়। সভাত জনস্বাস্থ্য কাৰিকৰী বিভাগৰ বিষয়াবৰ্গৰ লগতে জল জীৱন মিছনৰ কামকাজৰ নিয়মিতৰূপে পৰিদৰ্শন কৰিবৰ বাবে নিয়োজিত কাৰ্য্যবাহী দণ্ডাধীশসকল উপস্থিত থাকে। সভাত উপায়ুক্তগৰাকীয়ে জল জীৱন মিছনৰ কাৰীকৰি দিশসমূহ বিতংকৈ ব্যাখ্যা কৰাৰ লগতে আচঁনিখনৰ অন্যান্য দিশসমূহৰ ওপৰতো আলোকতপাত কৰে। উপায়ুক্ত স্বপ্নীল পালে জল জীৱন মিছনক গুৰুত্ব সহকাৰে লৈ জিলাখনত যাতে এই আচঁনিখনৰ কামকাজ সুচাৰুৰূপে সম্পন্ন হয় সেয়া সুনিশ্চিত কৰিবলৈ কাৰ্য্যবাহী দণ্ডাধীশসকলক নিৰ্দেশ দিয়ে। সভাত জিলা উপায়ুক্তগৰাকীয়ে জল জীৱন মিছনৰ হিতাধীকাৰি সকলে যাতে বিশুদ্ধ খোৱাপানী নিয়মিতৰূপে লাভ কৰে সেয়া সুনিশ্চিত কৰিবলৈও বিষয়াসকলক নিৰ্দেশ দিয়ে। জল জীৱন মিছনৰ কামৰ গুণগত মানদণ্ডৰ লগত কোনো কাৰণতেই আপোচ নকৰিবলৈয়ো বিষয়াসকলক আহ্বান জনায়। তিনিচুকীয়া জিলাত ভাৰত চৰকাৰৰ ধ্বজাবাহী আঁচনিখনৰ সফল ৰূপায়নৰ বাবে বিষয়াসকলক দায়িত্বসহকাৰে প্ৰতিটো পানী যোগান আঁচনি পৰিদৰ্শণ কৰি বিভাগীয় কতৃপক্ষৰ লগতে উপায়ুক্তক বিতং প্ৰতিবেদন দাখিল কৰিবলৈ নিৰ্দেশ দিয়ে। আজিৰ সভাত জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া মুনিন্দ্ৰ বৰদলৈ, শদিয়া মহকুমাৰ মহকুমাধিপতি অনুপম ডেকা, মাৰ্ঘেৰিটা মহকুমাৰ মহকুমাধিপতি প্ৰীতি কুমাৰী প্ৰমুখ্যে জিলাখনৰ কেউটা পৌৰসভাৰ কাৰ্য্যবাহী বিষয়াসকল, খণ্ড উন্নয়ন বিষয়াসকল, লোকনিৰ্মাণ পথ তথা বিদ্যুৎ বিভাগৰ বিষয়াসকল উপস্থিত থাকে।

প্ৰেৰক:-বিবেক বড়া

You might also like