নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বজালীৰ বৰ ভালুকীত আদৰ্শ অংগনৱাড়ী কেন্দ্ৰ উদ্বোধন মন্ত্ৰী ৰঞ্জিত দাসৰ

নিয়মীয়া বাৰ্তা, ১৫ ছেপ্টেম্বৰ : ‘অংগনবাড়ী কেন্দ্ৰসমূহ হৈছে শিক্ষা আৰু দীক্ষাৰ কঠিয়াতলীস্বৰূপ৷ এই কেন্দ্ৰসমূহে শিশু, মাতৃ আৰু প্ৰসূতিৰ পৰিপুষ্টিৰ ক্ষেত্ৰতো অৱদান আগবঢ়াই আহিছে৷’ এই মন্তব্য মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসৰ৷ আজি বজালী জিলাৰ ৬৭নং বৰভালুকী বালিপাৰা পঞ্চায়তত ২৫ লাখ টকা ব্যয় সাপেক্ষে নৱ নিৰ্মিত প্ৰথমটো আদৰ্শ অংগনবাড়ী কেন্দ্ৰ আনুষ্ঠানিকভাৱে শুভ উদ্বোধন কৰি ৰাজ্যৰ মন্ত্ৰী দাসে কয় যে আজি উদ্বোধন কৰা আদৰ্শ অঙ্গনৱাড়ী কেন্দ্ৰটোত শিশুৰ খেলৰ বিভিন্ন সামগ্ৰী, খাদ্যৰ ব্যৱস্থা, অত্যাধুনিক পাকঘৰ, বাথৰূম, বিশুদ্ধ খোৱাপানী, মহিলা গৃহ আদিৰ সুবিধা থাকিব৷ বজালীৰ উপায়ুক্ত কাবেৰী বি শৰ্মা, জিলা আৰক্ষী অধীক্ষক ধৰ্মেন্দ্ৰ কুমাৰ দাস সমন্বিতে স্থানীয় ৰাইজ তথা কেবাগৰাকীও বিশিষ্ট লোক উপস্থিত থকা অঙ্গনৱাড়ী কেন্দ্ৰটোৰ উদ্ধোধনী ভাষণত মন্ত্ৰী দাসে আৰু কয় যে পাটাছাৰকুছি সমষ্টিত ২০২২ বৰ্ষত ১১ টা অংগনবাড়ী কেন্দ্ৰৰ অনুমোদন হৈছিল যদিও প্ৰতিকুল বতৰৰ বাবে ১০ টা অংগনবাড়ী কেন্দ্ৰৰ ৮০ ৰ পৰা ৯০ শতাংশ কাম সম্পূৰ্ণ হৈছে আৰু বাকী ১০ শতাংশ কাম শীঘ্ৰে সম্পূৰ্ণ হব৷ মন্ত্ৰী গৰাকীয়ে পুনৰ কয় যে অঙ্গনবাড়ী কেন্দ্ৰৰ দ্বাৰা প্ৰতিটো অঞ্চলৰ শিশুৰ মানসিক তথা বৌদ্ধিক বিকাশৰ লগতে শিক্ষা-দীক্ষাৰ ক্ষেত্ৰত বিশেষ অৰিহণা যোগাব৷ এই অংগনৱাড়ী কেন্দ্ৰসমূহে আমাৰ সমাজত শিশুৰ পুষ্টিহীনতা দুৰীকৰণ কৰি সুস্থিৰ বাতাবৰণৰ সৃষ্টিত গুৰুত্বপূৰ্ণ অৰিহণা যোগাব বুলি মন্ত্ৰী দাসে মন্তব্য কৰে৷ ইপিনে আজি কিছুদিন ধৰি ৰাজ্যৰ বিভিন্ন প্ৰান্তত বিশেষকৈ বজালীত বিদ্যুৎ বিল প্ৰায় দুগুণ হাৰত বৃদ্ধি হৈ উপভোক্তাক জুৰুলা কৰাৰ সন্দৰ্ভত মন্ত্ৰীগৰাকীক অৱগত কৰোৱাত তেওঁ কয় যে ৰাজ্য চৰকাৰৰে নতুকৈ বিদ্যুৎ বিল বৃদ্ধি কৰা নাই৷ বজালী অঞ্চলত কিয় বিদ্যুতৰ বিল বেছি আহি আছে সেয়া তেওঁৰ জ্ঞাত নহয় বুলি মন্তব্য কৰি এই ক্ষেত্ৰত অনুসন্ধান কৰিলেহে গম পোৱা যাব বুলি কৈ বিষয়টো সন্দৰ্ভত বিভাগীয় মন্ত্ৰী নাইবা উৰ্ধতম কতৃপক্ষৰ লগত আলোচনা কৰাৰ কথা তেওঁ উল্লেখ কৰে৷
প্ৰেৰকঃ কল্যাণ কলিতা

You might also like