নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আন্তৰাষ্ট্ৰীয় যোগা স্পটচ চেম্পিয়নশ্বিপত পাঁচটাকৈ পদক লাভ যোৰহাটৰ অংকুৰ শইকীয়াৰ

নিয়মীয়া বাৰ্তা, ১৯নবেম্বৰ : যোৱা ১৪ নবেম্বৰৰ পৰা ১৫লৈ হাৰিয়াণাত অনুষ্ঠিত হোৱা আন্তৰাষ্ট্ৰীয় যোগাসন চেম্পিয়নশ্বিপ ২০২২ত যোৰহাটৰ অঙ্কুৰ শইকীয়াই যোগাসনৰ পাঁচটা শিতানত পুৰস্কাৰ লাভ কৰি ৰাজ্যখনলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হয়। পূৰ্বৰ ৰাজ্যিক পুৰস্কাৰ প্ৰাপ্ত অঙ্কুৰে ট্ৰেডিশ্বনেল যোগাত সোনৰ পদক, আৰ্টিষ্টিক যোগাত ৰূপ, ফ্ৰি ফ্লৰ যোগাত ব্ৰঞ্জৰ আৰু Rhythmic yoga ত পঞ্চম স্থান লাভ কৰি চেম্পিয়ন অব চেম্পিয়ন দ্বিতীয় ৰানাচ আপ খিতাপ লাভ কৰে। যোৰহাটৰ জগদুৱাৰ কাকতি গাঁৱৰ ৰঞ্জিত শইকীয়া আৰু কুঞ্জ কাকতি শইকীয়াৰ পুত্ৰ অঙ্কুৰ শইকীয়াই প্ৰশিক্ষক অসীম বৰুৱাৰ তত্বাৱধানত প্ৰতিযোগিতাত অংশগ্ৰহন কৰিছিল।

নবজ্যোতি তামুলী,চিনামৰা

You might also like