নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

‘ভাৰত জোড়ো যাত্রা’ৰ মাজতে ৰাহুল গান্ধীক হত্যাৰ ভাবুকি

নিয়মীয়া বাৰ্তা, ১৯নবেম্বৰ : ‘ভাৰত জোড়ো’ যাত্রাৰ মাজতে কংগ্রেছ নেতা ৰাহুল গান্ধীক হত্যাৰ ভাবুকি প্রদান কৰাৰ অভিযোগক লৈ সৃষ্টি হৈছে চাঞ্চল্য৷ মধ্য প্রদেশৰ ইন্দোৰত ভৰি দিলেই বোমা বিস্ফোৰণেৰে ৰাহুলক হত্যা কৰা হ’ব বুলি ভাবুকি প্রদান কৰা হৈছে৷ ভাবুকি–পত্র লাভ কৰাৰ পিছতে তৎপৰ হৈছে আৰক্ষী৷ ইফালে, কংগ্রেছ নেতাজনৰ নিৰাপত্তা অধিক কটকটীয়া কৰা হৈছে বুলি আৰক্ষী সূত্রই সদৰী কৰিছে৷ সংবাদ সংস্থাৰ প্রতিবেদন অনুসৰি, ইন্দোৰৰ জুনি থানা অঞ্চলৰ এখন মিঠাইৰ দোকানৰ বাহিৰত উদ্ধাৰ হৈছে এই ভাবুকি–পত্র৷ কোনে এই ভাবুকি–পত্র মিঠাইৰ দোকানৰ বাহিৰত থৈ গৈছিল তাক লৈ ইতিমধ্যে তদন্ত আৰম্ভ কৰিছে আৰক্ষীয়ে৷ অঞ্চলটোৰ চিচি টিভিৰ ফুটেজ পৰীক্ষা কৰি থকা হৈছে৷

You might also like