নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নগাঁও প্ৰেছ ক্লাবৰ বাৰ্ষিক অধিৱেশন : মুখ্যমন্ত্ৰীৰ প্ৰেছ উপদেষ্টা ধ্ৰুৱ মহন্তৰ অংশগ্ৰহণ

বিশেষ বার্তা, ১৮ ডিচেম্বৰ : নগাঁও প্ৰেছ ক্লাৱৰ আজি বাৰ্ষিক অধিৱেশন দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হয়। পুৱা পতাকা উত্তোলনৰে অধিৱেশনৰ কাৰ্যসূচীৰ শুভাৰম্ভ কৰে কৰে প্ৰেছ ক্লাৱৰ সভাপতি যাদৱ শইকীয়াই। স্মৃতি তৰ্পন কাৰ্যসূচীৰ মুকলি কৰে প্ৰেছ ক্লাৱৰ উপদেষ্টা কনক হাজৰিকাই আৰু ক্ৰীড়া সংগঠক প্ৰদীপ হাজৰিকাই। বিয়লি প্ৰেছ ক্লাৱৰ সভাপতি যাদৱ শইকীয়াৰ সভাপতিত্বত অনুষ্ঠিত মুকলি সভাত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰীৰ প্ৰধান প্ৰেছ উপদেষ্টা ধ্ৰুৱ মহন্তই নিজৰ অতি চমু ভাষণত কয়, “সাংবাদিক সকল নিজৰ দায়িত্ব আৰু কৰ্ম সম্পৰ্কে সচেতন হ’ব লাগিব। সাংবাদিকতাৰ প্ৰাথমিক চৰ্ত হৈছে সমাজৰ সমস্যা আৰু জনগণৰ প্ৰাথমিক সমস্যা সমূহ সঠিকভাৱে দাঙি ধৰা।” লগতে তেওঁ কয়, “স্বাৰ্থ নথকা বিষয়ত ভালপোৱাৰ আনন্দ অনুভৱ কৰিব পাৰি।” সাংবাদিক সকলে মৌলিক দায়িত্ব পালনত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে বুলি মন্তব্য কৰি মহন্তই কয়, “ৰাইজক সচেতন কৰাত সাংবাদ মাধ্যমে দায়বদ্ধতাৰে কাম কৰিব লাগিব। মৌলিক সমস্যা সমাধান কৰিবৰ বাবে সংবাদ মাধ্যমে চৰকাৰৰ দৃষ্টি আকৰ্ষণ কৰিব লাগিব। তেতিয়াহে জনগণৰ মৌলিক সমস্যা সমাধানৰ ক্ষেত্ৰত নিশ্চিতভাৱে ৰাইজ উপকৃত হ’ব।” মহন্তই অসমৰ যুৱ সমাজক কৃষি কাৰ্য্যত জড়িত হবলৈ আহ্বান জনায়। অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰি অসম আৰক্ষীৰ উপ-মহানিৰ্দেশক পার্থ সাৰথি মহন্তই সংবাদ ক্ষেত্ৰ খনৰ বিভিন্ন দিশৰ ওপৰত বাখ্যা দাঙি ধৰি কয়, “নতুন প্ৰজন্মৰ মূল কামটোৱেই হৈছে অধ্যয়ন। অধ্যয়নৰ জৰিয়তে নিজক সংস্থাপিত কৰিব লাগিব।” তেওঁ লগতে কয়, “সমাজখন চলাবলৈ হলে আমি সকলো ঐক্যমতত উপনীত হ’ব লাগিব। ঐক্যমতৰ ভিত্তিত হে সমাজখন আগুৱাই নিব লাগিব।’ নিজৰ ভাষাটোক ভাল দৰে জানিব লাগে বুলি তেওঁ মন্তব্য কৰে। তেওঁ মফচলীয় সাংবাদিকৰ বিষয়ে উল্লেখ কৰি কয়, “মফচলীয় সাংবাদিক সকলে নিজৰ নিজৰ অঞ্চলৰ সমস্যা সমূহ সঠিক ভাৱে উপস্থাপন কৰি এক গুৰু দায়িত্ব পালন কৰি আহিছে।” সভাত নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাই নগাঁও প্ৰেছ ক্লাৱৰ ইতিহাস বৰ্ণনা কৰি কয় যে, “নগাঁৱৰ সংবাদ ক্ষেত্ৰ খনৰ এক সুকীয়া পৰিচয় আছে।” তেওঁ নগাঁও প্ৰেছ ক্লাৱৰ অভাৱ-অভিযোগ সমূহ সমাধান কৰাৰ আশ্বাস প্ৰদান কৰে। সভাত বঢ়মপুৰ সমষ্টিৰ বিধায়ক জিতু গোস্বামী, অৱসৰ প্ৰাপ্ত অধ্যপিকা ৰ’জলীন জাহান, প্ৰেছ ক্লাৱৰ উপদেষ্টা কনক হাজৰিকা, শৈলেন শইকীয়াৰ লগতে প্ৰেছ ক্লাৱৰ সদস্য বিষয়ববীয়া ক্ৰমে পলাশ প্ৰতিম হাজৰিকা, জিতেন বৰকটকী, নিলোৎপল বৰা, তপন বৰা, চন্দন জ্যোতি বৰা, চফীকুৰ ৰহমান, ভাস্কৰ শইকীয়া, ৰবীন্দ্ৰ ছাহ আদিয়ে অংশগ্ৰহণ কৰে। প্ৰেছ ক্লাৱৰ সম্পাদক অজিত শইকীয়াই উদ্দেশ্যে ব্যাখ্যা কৰা আৰু জিতেন বৰকটকীয়ে আঁত ধৰা সভাত নগাঁও প্ৰেছ ক্লাৱৰ ৫ গৰাকী জ্যেষ্ঠ সাংবাদিক ক্ৰমে হেমেন কুমাৰ দাস, অসীম ভাৱাল, অখিল দাস, অজয় মাহাতু, বৈদ্যনাথ ছাহানিক সম্বৰ্ধনা জনোৱা হয়। ইয়াৰ আগতে পুৱাৰ ভাগত নগাঁও প্ৰেছ ক্লাৱৰ ওপৰ মহলাৰ সভাগৃহ, কাৰ্য্যালয় আৰু নগাঁও প্ৰেছ ক্লাৱৰ প্ৰতিষ্ঠাপক সভাপতি প্ৰয়াত আবু হানিফাৰ স্মৃতিত ডঃ আবু হানিফা সভাকক্ষ মুকলি কৰে বিধায়ক ৰূপক শৰ্মাই। উল্লেখ্য যে সভাগৃহ আৰু কাৰ্য্যালয় বিধায়ক ৰূপক শৰ্মাৰ বিধায়ক পুঁজি আৰু ডঃ আবু হানিফা সভাকক্ষ ডঃ হানিফাৰ পত্নী ৰ’জলীন জাহানৰ আৰ্থিক সহায্যৰে নতুনকৈ সজোৱা হয়।

প্ৰেৰক কনক হাজৰিকা

You might also like