নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নগৰবেৰাৰ পিজুপাৰা মহামায়া মন্দিৰত বাৰ্ষিক পূজা-প্ৰতিষ্ঠা দিৱস

নিয়মীয়া বাৰ্তা, ২৯ মাৰ্চঃ নগৰবেৰাৰ পিজুপাৰাস্থিত শ্ৰীশ্ৰীমহামায়া মন্দিৰত আজি দিনজোৰা কাৰ্যসূচীৰে ৪৫সংখ্যক বাৰ্ষিক পূজা আৰু প্ৰতিষ্ঠা দিৱস পালন কৰা হয়। অইন অইন বছৰৰ দৰে এইবেলিও শ্ৰীশ্ৰী বাসুদেৱ, শিৱ, মহামায়া মন্দিৰ প্ৰাঙ্গণত যথাৰীতি মাৰ শ্ৰীচৰণত পূজাভাগ আগবঢ়োৱা হয়। সেইমৰ্মে পুৱাৰে পৰা মন্দিৰ প্ৰাঙ্গণত ভক্তিপ্ৰাণ ৰাইজৰ যথেষ্ট ভিৰ পৰিলক্ষিত হয়। পূজাথলীত উখল-মাখল পৰিৱেশ বিৰাজ কৰে, একেদৰে গাঁওবাসীৰ মাজতো অভ্যাগত ভকতসকলক আপ্যায়নৰ তৎপৰতা দেখা যায়। আমন্ত্ৰিত আয়তী নামদলসমূহৰ নাম উপভোগৰ বাবেও পূজাথলীলৈ বহু লোকৰ সোঁত বয়।

প্ৰেৰক সঞ্জীৱ কুমাৰ দাস

You might also like