নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিশ্ব যুৱ ভাৰোত্তোলন চেম্পিয়নশ্বিপত ব্ৰঞ্জৰ পদক দখল ডিব্ৰুগড়ৰ বেদব্ৰতৰ

বিশেষ বাৰ্তা, ২৯মাৰ্চঃ অসমৰ ক্ৰীড়াৰ ক্ষেত্ৰত ইটোৰ পাছত সিটো সুখবৰ। এইবাৰ বিশ্ব চেম্পিয়নশ্বিপত ভাৰোত্তোলনত অসমীয়াৰ প্ৰথমটো পদক।বিশ্ব যুৱ ভাৰোত্তোলন চেম্পিয়নশ্বিপত উজলি উঠিছে অসমৰ বেদব্ৰত ভৰালী। ইউৰোপ মহাদেশৰ আলবেনিয়াৰ ডুৰেছত অনুষ্ঠিত IWF world youth championship 2023 প্রতিযোগিতাখনত ভাৰতীয় দলক প্রতিনিধিত্ব কৰা বেদব্ৰতে পুৰুষৰ ৬৭ কিলোগ্রাম শাখাত ব্ৰঞ্জৰ পদক লাভ কৰিবলৈ সক্ষম হয়। উল্লেখযোগ্য যে, বিশ্ব যুৱ চেম্পিয়নশ্বিপত অসমীয়া ভাৰোত্তোলকৰ এয়া প্ৰথমটো পদক।১৫ বছৰীয়া বেদব্ৰতে মুঠ ২৬৭ কিলোগ্রাম উত্তোলন কৰে। তেওঁ স্লেটছত ১১৯ কিলোগ্ৰাম আৰু ক্লিন এণ্ড জাকত ১৪৮ কিলোগ্রাম উত্তোলন কৰে। ব্ৰঞ্জৰ পদকটো বেদব্রতে ক্লিন এণ্ড জার্ক শাখাত লাভ কৰিবলৈ সক্ষম হয়। বেদব্ৰত ডিব্ৰুগড়ৰ অতি ভিতৰুৱা অঞ্চল মধুপুৰ দেউৰী গাঁৱৰ অৰুণ ভড়ালীৰ পুত্ৰ। বেদব্ৰতৰ এই সাফল্যত সমগ্ৰ অঞ্চলবাসী উৎফুল্লিত হৈ পৰাৰ লগতে গৃহ জিলা ডিব্ৰুগড়তো আনন্দৰ লহৰ উঠিছে।

প্ৰেৰক বিভাস দুৱৰা

You might also like