নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বকোৰ ভালুকঘাটাত নেহৰু যুৱ কেন্দ্ৰৰ উদ্যোগত চিত্ৰাংকন প্ৰতিযোগিতা

নিয়মীয়া বাৰ্তা ২৯ মাৰ্চ : নেহৰু যুৱ কেন্দ্ৰ কামৰূপৰ উদ্যোগত আৰু ঢেকীয়াবড়ী দক্ষিণপাৰ মহিলা সমিতি; বকোৰ সহযোগত আজি ভালুকঘাটা জাতীয় বিদ্যালয়ত আয়োজন কৰা হয় এক চিত্ৰাংকন প্ৰতিযোগিতাৰ। বকোৰ ভালুকঘাটাৰ ঢেকীয়াবড়ী দক্ষিণপাৰ মহিলা সমিতিৰ সাধাৰণ সম্পাদিকা ৰেণুকা মজুমদাৰৰ তৎপৰতাত অঞ্চলটোৰ মুঠ ছয় খন বিদ্যালয়ৰ প্ৰায় ছাঠি গৰাকী ছাত্ৰ ছাত্ৰীৰ অংশগ্ৰহণত আয়োজন কৰা হৈছে চিত্ৰাংকন প্ৰতিযোগিতাখন। উল্লেখ্য যে ; ভাৰত চৰকাৰৰ যুৱ কল্যাণ আৰু ক্ৰীড়া মন্ত্ৰানালয়ৰ অধিনৰ নেহৰু যুৱ কেন্দ্ৰ কামৰূপৰ উদ্যোগত বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ বৌদ্ধিক জ্ঞানৰ উৎকৰ্ষ বিকাশ ঘটোৱাৰ উদ্যেশ্যে আয়োজন কৰা হৈছে এই চিত্ৰাংকন প্ৰতিযোগিতাৰ বুলি জানিব দিয়ে আয়োজক ৰেণুকা মজুমদাৰে। ইফালে অভিনন্দন এচোছিয়েচন বকোৰ সঞ্চালক জনাৰ্দন ডেকাই বিশিষ্ট অতিথি হিচাপে উপস্থিত থকা অনুস্থানত ভালুকঘাটা জাতীয় বিদ্যালয়ৰ প্ৰধান শিক্ষক মহৰূপ আলী সহ শিক্ষক শিক্ষয়িত্ৰী সকলে সহযোগ আগবঢ়াই। ইফালে নেহেৰু যুৱ কেন্দ্ৰ কামৰূপৰ উদ্যোগত ভিন্ন প্ৰান্তত ছাত্ৰ ছাত্ৰীৰ মানসিক তথা বৌদ্ধিক বিকাশ হোৱা ভিন্ন কাৰ্য্যসূচী ৰূপায়ণ কৰা হয় বুলি জানিব দিয়ে অভিনন্দন এচোছিয়েশ্যন বকোৰ সঞ্চালক জনাৰ্দন ডেকাই। চিত্ৰাংকন প্ৰতিযোগিতাৰ শেষত ফলাফল ঘোষণা কৰি বঁটা সহ মানপত্ৰ প্ৰদান কৰা হয় বুলি জানিব দিয়ে সম্পাদিকা ৰেণুকা মজুমদাৰ আৰু সদস্যা সকলে।

প্ৰেৰক বিষ্ণু ৰাম দাস

You might also like