নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অভয়াপুৰীত ৫ তীৰ ব্যৱসায়ীক গ্ৰেপ্তাৰ

নিয়মীয়া বাৰ্তা, ১০ অক্টোবৰ: বঙাইগাঁও জিলাৰ অভয়াপুৰী বজাৰত তীৰ ব্যৱসায়ীৰ বিৰুদ্ধে আৰক্ষীয়ে অভিযান চলাই পাঁচ ব্যৱসায়ীক আটক কৰিবলৈ সক্ষম হয়। অভয়াপুৰী আৰক্ষীয়ে কালি নিশা অভয়াপুৰী বজাৰত অভিযান চলাই পাঁচ গৰাকী লোকক তীৰ ব্যৱসায়ৰ লগত জড়িত বুলি সন্দেহ কৰি আটক কৰে। আটক কৰা লোকসকলৰ পৰা পাঁচটা মবাইল ফোন সহ বহু নথিপত্ৰ জব্দ কৰে। গ্ৰেপ্তাৰ হোৱা লোকসকল হ’ল বড়িগাঁৱৰ জোন দাস, বিদ্যাপাৰাৰ কানাই মণ্ডল, বাসন্তীপাৰাৰ ৰঞ্জিত কৰ, ক্ষুদ্ৰ নাৰিকলাৰ ইনামূল হক আৰু ৱৰ্কছপৰ মানৱজ্যোতি সিংহ ।

You might also like