নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অসম গেছ কোম্পানী লিমিটেডৰ বি বৰুৱা কেন্সাৰ ইনষ্টিটিউটলৈ এক কোটি টকা বুজাবুজি চুক্তি সম্পন্ন

নিয়মীয়া বাৰ্তা, ২ ডিচেম্বৰ — অসম চৰকাৰৰ লাভজনক উদ্যোগ প্ৰতিষ্ঠান অসম গেছ কোম্পানী লিমিটেডে  ২০২০-২১ বিত্তীয় বৰ্ষৰ ইয়াৰ সামাজিক দায়বদ্ধ আচঁনিৰ অধীনত বি বৰুৱা কেন্সাৰ ইনষ্টিটিউটলৈ আগবঢ়াইছে এক কোটি টকা । অসম গেছ কোম্পানী আৰু বি বৰুৱা কেন্সাৰ ইনষ্টিটিউটৰ মাজত যোৱা ১ ডিচেম্বৰত এই সংক্ৰান্তত এক বুজাবুজি চুক্তি সম্পন্ন হয় । পশ্চিম গুৱাহাটী সমষ্টিৰ বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাৰ পৌৰহিত্যত দুয়োটা পক্ষই এই বুজাবুজি চুক্তিত স্বাক্ষৰ কৰি আনুষ্ঠানিকতা সম্পন্ন কৰে। এই চুক্তি অনুসৰি আজি অসম গেছ কোম্পানী লিমিটেডৰ পৰিচালন সঞ্চালক গকুল চন্দ্ৰ স্বৰ্গীয়াৰীয়ে বি বৰুৱা কেন্সাৰ ইনষ্টিটিউটৰ সঞ্চালক ডা° অমল চন্দ্ৰ কটকীৰ হাতত আনুষ্ঠানিকভাৱে প্ৰথম পৰ্যায়ত পঞ্চাশ লাখ টকাৰ চেক প্ৰদান কৰে। এই অনুষ্ঠানত অসম গেছ কোম্পানী লিমিটেডৰ সামাজিক দায়বদ্ধ আচঁনিৰ নডেল বিষয়া দীপক চেতিয়া ফুকন, সম্পাদিকা ময়ুৰিমা গোস্বামী, প্ৰতিষ্ঠানটোৰ মুখ্য বিত্ত বিষয়া ( চি এফ অ ) হৰেন চন্দ্ৰ মহন্তৰ লগতে চিকিৎসালয়খনৰ উচ্চ পদস্থ বিষয়া সকল উপস্থিত থাকে । উল্লেখযোগ্য যে অসম গেছ কোম্পানী লিমিটেডে আগবঢ়োৱা এই ধনৰাশিৰে বি বৰুৱা কেন্সাৰ ইনষ্টিটিউটে চৌধ্য বছৰৰ তলৰ শিশুক বিনামূলীয়া কেন্সাৰ চিকিৎসা সেৱা আগবঢ়াব। বিগত ২০১৭ বৰ্ষৰ পৰা ৰাজ্য চৰকাৰৰ ৰাজহুৱা খণ্ডৰ উদ্যোগ প্ৰতিষ্ঠানটোৱে শিশুৰ বিনামূলীয়া কেন্সাৰ চিকিৎসাৰ বাবে সামাজিক দায়বদ্ধ আঁচনিৰ অধীনত বি বৰুৱা কেন্সাৰ ইনষ্টিটিউটক পূঁজি প্ৰদান কৰি আহিছে। ইতিমধ্যে এই শিতানত প্ৰতিষ্ঠানটোৱে তিনি কোটি পঁচিশ লাখ টকা আবণ্টন দিছে। 

You might also like