নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

প্ৰয়াত ঋতুপৰ্ণৰ ঘৰত অসম ছাত্ৰ পৰিষদৰ নেতা; শিশু পুত্ৰৰ শৈক্ষিক দিশৰ দায়িত্ব লোৱাৰ ইচ্ছা সংগঠনৰ

নিয়মীয়া বাৰ্তা, ১৬ জুনঃ সদ্য প্ৰয়াত চিলাপথাৰৰ যুৱক ঋতুপৰ্ণ পেগুৰ হত্যাকাণ্ডৰ ঘটনাক তীব্ৰ ভাষাৰে ধিক্কাৰ দিয়াৰ লগতে অপৰাধীক কঠোৰ শাস্তি প্ৰদানৰ দাবী জনাইছে অসম ছাত্ৰ পৰিষদে।

সংগঠনটোৰ সভা পতি ত্ৰিনয়ন বৰুৱাই গুৱাহাটীত নিৰ্মমভাবে মৃত্যক আঁকোৱালি লোৱা খিলঞ্জীয়াৰ সন্তান ঋতুপৰ্ণ পেগুৰ অকাজানস্থিত বাসগৃহত কালি উপস্থিত হৈ তেওঁৰ পৰিয়ালৰ অৱস্থাৰ বুজ লোৱাৰ লগতে সমবেদনা জ্ঞাপন কৰে ।

টি এম পি কে’ই অনুষ্ঠিত কৰা শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত ভাগ লয়। লগতে অসম ছাত্ৰ পৰিষদৰ ফালৰ পৰা তেওঁৰ একমাত্ৰ পুত্ৰৰ শিক্ষাৰ শেষ পৰ্যায়লৈকে সক লো প্ৰকাৰৰ সা সুবিধাৰ ব্যৱস্থা গ্ৰহণ কৰাৰ ইচ্ছা প্ৰকাশ কৰে। সংগঠনটোৰ নেতাজনে অসম চৰকাৰলৈ আহ্বান জনায় যে অতি সোনকালে দোষীয়ে শাস্তি প্ৰদানৰ লগতে ঋতুপৰ্ণৰ বিধৱা পত্নী আৰু শিশু পূত্ৰৰ বাবে কৰণীয় কৰিবলৈ দাবী জনায়।

সভাপতি ত্ৰিনয়ন বৰুৱাৰ সৈতে উপস্থিত থাকে উপ সভাপতি প্ৰিতমৰাজ মিলি,সাধাৰণ সম্পাদক মুকুট দাস, লক্ষ্য জ্যোতি শালৈ, সাংগঠনিক সম্পাদক ইনজামুল হ’ক আৰু দিপাংকৰ দাস উপস্থিত থাকে জিলা ছাত্ৰ সন্থাৰ সহকাৰী সাধাৰণ সম্পাদক প্ৰফুল্ল হাজৰিকা, সাহিত্য সম্পাদক দেৱেন ডেকা, চিচিবৰগাওঁ আঞ্চলিক ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক উজ্জ্বল শইকীয়া, চিলাপথাৰ আঞ্চলিক ছাত্র সন্থাৰ সভাপতি সম্পাদক উপদেষ্টা বিটু সাহ আৰু আঞ্চলিক ছাত্র সন্থাৰ অন্যান্য বিষয়ববীয়া সকল৷

You might also like