নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চিৰাঙৰ কোৱাৰেণ্টাইন শিবিৰৰ পৰা কালি ঘৰলৈ পঠিওৱা ২ যুৱক আজি কোভিড-১৯ পজিটিভ

নিয়মীয়া বাৰ্তা, ১৬ জুন: চিৰাঙৰ এটা কোৱাৰেন্টাইন শিবিৰৰ পৰা কালি ঘৰলৈ পঠিওৱা দুই বহিঃৰাজ্যফেৰৎ যুৱক আজি কোভিড-১৯’ত আক্ৰান্ত বুলি নিশ্চিত হোৱাত দুয়োকে ততাতৈয়াকৈ ঘূৰাই আনি চিকিৎসালয়ত চিকিৎসাধিন কৰা হৈছে ।

জিলা স্বাস্থ্য বিভাগৰ সূত্ৰই জানিবলৈ দিয়া মতে যোৱা ৮ জুনত বিজনী থানাৰ অন্তৰ্গত বাঘমাৰা,কাৱাটিকাৰ যুৱক গোবিন্দ বিশ্বাস (২০) আৰু পানবাৰী থানাৰ অন্তৰ্গত ১নং বিষ্ণুপুৰৰ আশাপূৰ্ণ দাস (২৯) ৰে’লযোগে মুম্বাইৰ পৰা আহি চিৰাঙত উপস্থিত হোৱাৰ পিছত জিলা প্ৰশাসনে দুয়োজন যুৱকক ঢালিগাঁও হাইস্কুলৰ কোৱাৰেন্টাইন শিবিৰত ৰখাৰ ব্যৱস্থা কৰে।

চৰকাৰী নিৰ্দেশনা অনুসৰি এসপ্তাহ কোৱাৰেন্টাইন হোৱাৰ পিছত কালি দুয়োকে পৰৱৰ্তী সময়ত হোম কোৱাৰেন্টাইনৰ নিৰ্দেশ দিয়া ঘৰলৈ যোৱাৰ অনুমতি প্ৰদান কৰে । আজি বিয়লি দুয়োজন যুৱকৰ ছোৱাব পৰীক্ষাৰ ফলাফল পজিটিভ বুলি জানিব পাৰি জিলা প্ৰশাসন আৰু স্বাস্থ্য বিভাগে দুয়োজনকে ততাতৈয়াকৈ ঘৰৰ পৰা আনি কাজলগাঁওস্থিত জে এছ বি অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰে।

উল্লেখ্য যে দুয়োজন যুৱকে মুম্বাইত হোটেলৰ কৰ্মচাৰী হিচাপে নিযুক্ত হৈ আছিল । আজিৰ এই যুৱক দুজনৰ সৈতে জিলা খনত কোভিড-১৯ পজিটিভৰ সংখ্যা ১৯ জনলৈ বৃদ্ধি পায় । আক্ৰান্ত সকলৰ মাজত ইতিমধ্যে ৭জনক কাজলগাঁও অসামৰিক চিকিৎসালয় আৰু এজনক বৰপেটা এফ এ এ মেডিকেল কলেজৰ পৰা  আৰোগ্য লাভ কৰা বাবে মুকলি কৰি দিয়া হৈছে বুলি জিলা স্বাস্থ্য বিভাগৰ সূত্ৰই প্ৰকাশ কৰিছে ।।

You might also like