নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিয়া খাবলৈ গৈ বন্যহস্তীৰ হাতত প্ৰাণ গ’ল এজনৰ

 নিয়মীয়া বাৰ্তা  ,৯ অক্টোবৰঃ পূৱ গোৱালপাৰাৰ পশ্চিম মাটিয়াত আজি বন্যহস্তীৰ আক্ৰমণত এগৰাকী লোক নিহত হোৱাৰ ঘটনাই শোকৰ ছা পেলাইছে সমগ্ৰ অঞ্চলটোত ৷ নিহত লোকজন মৰনৈৰ প্ৰদীপ দাস বুলি চিনাক্ত কৰা হৈছে ৷

জানিবপৰা মতে, মৰনৈ গাঁৱ পঞ্চায়তৰ সদস্য তথা মৰনৈৰ বাসিন্দা প্ৰদীপ দাসে বিয়া খাবলৈ গৈছিল পশ্চিম মাটিয়াত ৷ বিবাহস্থলীৰ পৰা কিছু নিলগত প্ৰদীপ দাসক ৰাজপথতে আক্ৰমণ কৰে বন্যহস্তীয়ে ৷ ফলত থিতাতে নিহত হয় লোকজন ৷ পাছত ঘটনাস্থলীত মাটিয়া আৰক্ষী উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰে ৷

You might also like