নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মৰসাহঃ বিদ্যালয়ত অনধিকাৰ প্ৰৱেশ কৰি ব্যাসকুছিত ছাত্ৰীক পলুৱাই নিয়াৰ অপচেষ্টা দুৰ্বৃত্তৰ

নিয়মীয়া বাৰ্তা, ২৩ ছেপ্টেম্বৰ : এগৰাকী ছাত্ৰীক লাভ জেহাদৰ নামত অপহৰণ কৰি পশ্চিমবংগত বিক্ৰীৰ ষড়যন্ত্ৰ কৰা ঘটনাৰ প্ৰতিক্ৰিয়া মাৰ নৌযাওঁতেই এইবাৰ মুছলমান যুৱকে বিদ্যালয়ত অনধিকাৰ প্ৰবেশ কৰি ছাত্ৰীক অপহৰণৰ অপচেষ্টা চলোৱাৰ অভিযোগ উত্থাপন হৈছে।সৰুক্ষেত্ৰীৰ ব্যাসকুছি হাইস্কুলত সংঘটিত হৈছে এই আজৱ ঘটনা। অভিযোগ মতে ব্যাসকুছি হাইস্কুলৰ ৩ ছাত্ৰীক উঠাই নিম বুলি ভাবুকি দি কালি বিদ্যালয়ৰ ভিতৰত প্ৰবেশ কৰিছিল দুই যুৱকে।বিদ্যালয়ৰ  ভিতৰত অনধিকাৰ প্ৰবেশ কৰি পাঁচ ছাত্ৰীক লক্ষ্য কৰি লৈ অশ্লীল কথা কথা কোৱাৰ লগতে অশালীন ব্যৱহাৰ কৰে।ইয়াৰ উপৰি তিনি ছাত্ৰীক প্ৰলোভন আৰু ভয় ভাবুকিৰে অপহৰণৰ অপচেষ্টা চলাই বুলিও অভিযোগ উত্থাপন হৈছে। ইয়াৰ পিছতেই প্ৰধান শিক্ষক ধৰ্মেন্দ্ৰ পাটোৱাৰীয়ে ঘটনাৰ বিষয়ে অবগত হোৱাৰ লগে লগে স্থানীয় ৰাইজৰ সহযোগত দুই লম্পট যুৱকক আটক কৰে৷তাৰ পাছত ৰাইজে ধৰি দুয়োজনকে এই বিষয়ত সোধপোচ কৰি আৰক্ষীক গতাই দিয়ে।উল্লেখ্য যে সৰুক্ষেত্ৰী উন্নয়ন খণ্ডৰ কনিষ্ঠ অভিযন্তা দিপক ভট্টৰ তত্ত্বাৱধানত অস্থায়ী কামত নিয়োজিত আছিল এই দুয়োজন যুৱক৷ যুৱক দুজনৰ ঘৰ চেঙাৰ পদ্মপাৰাত। ৰাইজে আটক কৰা যুৱক দুজন ববিদুল আলী আৰু ইদুল আলী বুলি জানিব পৰা গৈছে। এই দুই উদণ্ড যুৱকে স্কুলৰ ভিতৰত বাইক সুমাই ভাবুকি দি ছাত্ৰীক অপহৰণ কৰিবলৈ অপচেষ্টা কৰাৰ অভিযোগ উত্থাপন হৈছে। ছাত্ৰীক অশালীন ব্যৱহাৰ কৰা দুই উদণ্ড যুৱকক অবশেষত প্ৰধান শিক্ষক ধৰ্মেন্দ্ৰ পাটোৱাৰীয়ে সৰ্থেবাৰীৰ আৰক্ষীক গতাই দিয়ে।প্ৰধান শিক্ষক ধৰ্মেন্দ্ৰ পাটোৱাৰীৰ এজাহাৰৰ ভিত্তিত যুৱক দুজনক সৰ্থেবাৰী আৰক্ষীয়ে আটক কৰে৷ এইদৰে বিদ্যালয়ৰ ভিতৰতেই ছাত্ৰী অসুৰক্ষিত হৈ পৰাত ব্যাসকুছিৰ লগতে সৰুক্ষেত্ৰী অঞ্চলত উদ্বিগ্নতাৰ সৃষ্টি হৈছে।

 

প্ৰেৰক নকুল তালুকদাৰ

You might also like