নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভৱানীপুৰ আঞ্চলিক কলেজৰ নৱাগত আদৰণী সভাঃ “নতুন কথা, নতুন চিন্তা কৰা সাহসীজন আচল মানুহ” : হিমাংশু প্ৰসাদ দাস

নিয়মীয়া বাৰ্তা, ২৩ ছেপ্টেম্বৰ : “আজিৰ দিনত নতুন,পুৰণি বুলি কোনো কথা নাই। নতুন হ’লেই,আজিৰ হ’লেই নহ’ব। চিন্তাহে মূল কথা। নতুন কথা, নতুন চিন্তা কৰাৰ যাৰ সাহস আছে তেওঁ আচল মানুহ,আচল নতুন।”এইদৰে বক্তব্য প্ৰদান কৰে অভিনেতা, নাটক – চলচিত্ৰ পৰিচালক,কবি তথা শেহতীয়াভাৱে বহুল চৰ্চিত ‘বুলু ফিল্ম’ৰ নিৰ্মাতা হিমাংশু প্ৰসাদ দাসে আজি ভৱানীপুৰ আঞ্চলিক মহাবিদ্যালয়ৰ নৱাগত আদৰণি সভাত নিৰ্দিষ্ট বক্তাৰ ভাষণত। হিমাংশু প্ৰসাদ দাসে তেওঁৰ ভাষণত বিজ্ঞানী গেলিলিওৰ আবিষ্কাৰৰ উদাহৰণ দি শিক্ষাৰ্থী সকলক নতুন,সুস্থ সৱল চিন্তাৰে সাহসিকতাৰে নিজক প্ৰতিষ্ঠা কৰি সামাজিক দায়বদ্ধ হ’ৱলৈ আহ্বান জনায় তেওঁৰ ভাষণত।লগতে হিমাংশু প্ৰসাদ দাসে তেওঁৰ স্বৰচিত কবিতা আবৃত্তি কৰে।সভাৰ আন এগৰাকী নিৰ্দিষ্ট বক্তা অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সহকাৰী সম্পাদক বিজনী বায়নে তেওঁৰ ভাষণত  – “আজিৰ শিক্ষা ব্যৱস্থাই এগৰাকী উচ্চ পদস্থ বিষয়াৰ জন্ম দিব পাৰিলেও সমাজ,জাতিক আগুৱাই নিব পৰা,সমাজত ৰাজনৈতিক সুস্থিৰতা আনিব পৰা মানুহৰ জন্ম দিব নোৱাৰে।কাৰণ আজিৰ শিক্ষা ব্যৱস্থাই মূল্যবোধৰ শিক্ষা দিব পৰা নাই।” বুলি সমালোচনা কৰে। “চৰকাৰী শিক্ষা ব্যৱস্থাত থকা কেৰোণৰ ফলশ্ৰুতিত ব্যক্তিগত শিক্ষানুষ্ঠানৰ অগ্ৰাসন হৈছে” বুলি কৈ শিক্ষাৰ্থীক সৃষ্টিশীল মানসিকতাৰে নিজৰ দেশ-জাতিক আগুৱাই নিয়াৰ চিন্তা কৰাৰ বাবেও আহ্বান জনায় বিজন বায়নে তেওঁৰ ভাষণত। ভৱানীপুৰ আঞ্চলিক মহাবিদ্যালয়ৰ উপাধ্যক্ষ ড° আব্দুছ ছালামৰ সভাপতিত্বত অনুষ্ঠিত সভাত প্ৰাক্তন শিক্ষা বিষয়া ধৰণীধৰ তালুকদাৰে বিশিষ্ট অতিথিৰূপে আৰু সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় শিক্ষা সম্পাদক ভৱজিৎ বেজবৰুৱাইয়ো নিৰ্দিষ্ট বক্তাৰূপে ভাষণ দিয়ে। মহাবিদ্যালয়ৰ অধ্যাপকদ্বয় দিলীপ কুমাৰ ডেকা আৰু ৰাজু কুমাৰ দাসে আত ধৰা সভাৰ আৰম্ভণিতে মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ সাধাৰণ সম্পাদক ছায়নজ্যোতি দাসে আদৰণি ভাষণ পাঠ কৰে।সভাত মহাবিদ্যালয়খনৰ ছাত্ৰ একতা সভাৰ তত্বাৱধায়ক ড° নিভা চৌধুৰী, প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সন্মিলনীৰ সভাপতি চম্পক বায়ন, অভিভাৱক সন্মিলনীৰ সভাপতি ৰবীন কলিতায়ো অতিথিৰূপে উপস্থিত থাকে।দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত নৱাগত আদৰণি সভাৰ লগত সংগতি ৰাখি পুৱাৰ ভাগত মহাবিদ্যালয়ৰ পতাকা উত্তোলন কৰে উপাধ্যক্ষ ড° আব্দুছ ছালামে,ছাত্ৰ একতা সভাৰ পতাকা উত্তোলন কৰে সভাৰ সাধাৰণ সম্পাদক ছায়নজ্যোতি দাসে আৰু আছুৰ পতাকা উত্তোলন কৰে ভৱানীপুৰ আঞ্চলিক ছাত্ৰ সন্থাৰ সাংস্কৃতিক সম্পাদক নীলম পাটোৱাৰীয়ে। শ্বহীদ তৰ্পণ আৰু স্মৃতি তৰ্পণ কৰে ক্ৰমে – মহাবিদ্যালয়ৰ অধ্যাপকদ্বয় ড° নিভা চৌধুৰী আৰু ড° হিতেশ চন্দ্ৰ ৰয়ে।প্ৰাচীৰ পত্ৰিকা উন্মোচন কৰে অধ্যাপক তাইজুদ্দিন আহমেদে।বিয়লি মহাবিদ্যালয়খনৰ প্ৰাক্তন ছাত্ৰী তথা ভৱানীপুৰৰ জ্ঞানম সংগীত বিদ্যালয়ৰ অধ্যক্ষ কাকলি দাসৰ সঞ্চালনাত ন-পুৰণি ছাত্ৰ – ছাত্ৰীৰ প্ৰীতি সন্মিলন অনুষ্ঠিত হয়।
প্ৰেৰক  ভূষণ তালুকদাৰ
You might also like