নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বৰপেটা মেডিকেল কলেজ হাস্পতালত অৰাজকতাঃ ভুৱা অভিযোগেৰে নিৰ্দোষী যুুৱকক হাৰাশাস্তি  কৰ্তৃপক্ষৰ

বাৰ্তা ব্যুৰো, ২৩ ছেপ্টেম্বৰঃ বৰপেটা চিকিৎসা মহাবিদ্যালয় হাস্পতালত চিকিৎসকৰ হেমাহিৰ ফলত এজন ৰোগীৰ মৃত্যু হোৱাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে ৷ আনহাতে চিকিৎসকৰ হেমাহিত ৰোগীৰ মৃত্যু হোৱা ঘটনাক গাপ দিয়াৰ বাবে চিকিৎসালয় কৰ্তৃপক্ষই এজন নিৰ্দোষী যুবকক ভুৱা অভিযোগেৰে এজন নিৰ্দোষী যুবকক আৰক্ষীৰ দ্বাৰা হাৰাশাস্তি কৰাৰো অভিযোগ উত্থাপিত হৈছে ৷ উল্লেখ্য যে, হাউলীৰ প্ৰকাশ সাহা নামৰ এজন ক্ষুদ্ৰ ব্যৱসায়ী কালি বৰপেটাৰোডত দুৰ্ঘটনাগ্ৰস্ত হৈছিল। লগে লগে ঘটনাস্থলীত উপস্থিত স্থানীয় ৰাইজ আৰু আত্মীয়ই দুৰ্ঘটনাত আহত প্ৰকাশ সাহাক বৰপেটা চিকিৎসা মহাবিদ্যালয় হস্পিতাললৈ লৈ আহে ৷ কিন্তু চিকিৎসা মহাবিদ্যালয় হাস্পতালখনত কৰ্তব্যৰত চিকিৎসকে দুৰ্ঘটনাত আহত ব্যক্তিজনক চিকিৎসা প্ৰদানৰ ক্ষেত্ৰত চৰম হেমাহি প্ৰদৰ্শন কৰে। দুৰ্ঘটনাগ্ৰস্ত ব্যক্তিজনক চিকিৎসা প্ৰদান  কৰিবলৈ আত্মীয় আৰু পৰিয়ালৰ লোকে বাৰম্বাৰ অনুৰোধ কৰাৰ পিছতো কৰ্তব্যৰত চিকিৎসকে ওলোটাই তেওঁলোকক দাবী ধমকিহে দিয়ে। চিকিৎসকৰ নিজ দায়িত্ব-কৰ্তব্যৰ প্ৰতি হেমাহিৰ বাবেই অৱশেষত নিশা প্ৰকাশ সাহা নামৰ ব্যক্তিজন মৃত্যু মুখত পৰে ৷ ইপিনে চিকিৎসকৰ গাফিলতিত ৰোগীৰ মৃত্যু হোৱাৰ পিচত এই সমগ্ৰ বিষয়টো গাপ দিয়াৰ বাবেই চিকিৎসা মহাবিদ্যালয় হাস্পতাল কৰ্তৃপক্ষই  দুৰ্ঘটনাগ্ৰস্ত ৰোগীজনৰ লগত অহা এজন নিৰ্দোষী যুৱকৰ বিৰুদ্ধে এক ভুৱা অভিযোগ উত্থাপন কৰে। চিকিৎসকক পিষ্টল দেখুৱাই ভাবুকি প্ৰদান কৰা বুলি ভুৱা অভিযোগ কৰি উত্তম কৰ্মকাৰ নামৰ যুৱকজনক আৰক্ষীৰ দ্বাৰা হাৰাশাস্তি কৰে চিকিৎসা মহাবিদ্যালয় হাস্পতাল কৰ্তৃপক্ষই। ৰহস্যজনকভাৱে আৰক্ষীয়ে যুৱকজনক আটক কৰাৰ ১০-১২ ঘণ্টা উকলি যোৱাৰ পিছতো যুৱকজনৰ বিৰুদ্ধে কোনো এজাহাৰ দাখিল কৰিবলৈ সক্ষম নহ’ল মেডিকেল কলেজ হাস্পতাল কৰ্তৃপক্ষ। লক্ষ্যণীয়ভাৱে কৰ্তব্যৰত চিকিৎসকেও আৰক্ষীৰ আগত কোনো লোকে পিষ্টল দেখুৱাই ভাবুকি দিয়াৰ কথা অস্বীকাৰ কৰিছে। কোনো এজাহাৰ নোহোৱাৰ পৰিপ্ৰেক্ষিতত অৱশেষত আৰক্ষীয়ে মুকলি কৰি দিবলৈ বাধ্য হয় উত্তম কৰ্মকাৰক। কৰ্তব্যৰত চিকিৎসকৰ নিজ গাফিলতিৰ ফলত ৰোগীৰ মৃত্যু হ’বলগীয়া হোৱা বিষয়টোক গাপ দিয়াৰ বাবেই বৰপেটা মেডিকেল কলেজ হাস্পতাল কৰ্তৃপক্ষই এনেদৰে ভুৱা অভিযোগেৰে যুৱকক হাৰাশাস্তি কৰাক লৈ এতিয়া ৰাইজৰ মাজত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৷

প্ৰেৰক নৱজিত বায়ন

You might also like