নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পথ সুৰক্ষা জীৱন সুৰক্ষা বাণীৰে ৰহাত লোকনিৰ্মাণ বিভাগৰ সজাগতা সভা

নিয়মীয়া বাৰ্তা, ২৭ জানুৱাৰীঃ নগাঁও জিলাৰ ৰহা সমষ্টিৰ অন্তৰ্গত ৰহা-চাপৰমুখ সংযোগী পথৰ গড়মাৰী তিনিআলিত আজি ৰহা, বটদ্ৰৱা আৰু ধিং ক্ষেত্ৰীয় সংমণ্ডলৰ উদ্যোগত নগাঁও টেৰিট’ৰিয়েল লোকনিৰ্মাণ বিভাগৰ পথ সুৰক্ষা সন্দৰ্ভত এখন সজাগতা সভা অনুষ্ঠিত হয়।

তদুপলক্ষে ৰহা-গড়মাৰী তিনিআলিত অনুষ্ঠিত সজাগতা সভাখনত নগাঁও পথ সংমণ্ডলৰ কাৰ্যবাহী অভিযন্তা গোবিন সিঙৰ লগতে উপসংমণ্ডলকেইটাৰ সহকাৰী কাৰ্যবাহী, বিষয়-ববীয়া আৰু বহু স্থানীয় লোকো উপস্থিত থাকে।

উল্লেখ্য যে চলিত বৰ্ষৰ ১৮ জানুৱাৰীৰ পৰা অহা ১৭ ফেব্ৰুৱাৰীলৈ মাহজোৰা কাৰ্যসূচীৰে  “পথ সুৰক্ষা জীৱন ৰক্ষা” বাণীৰে সমগ্ৰ ভাৰতবৰ্ষতে সজাগতা বৃদ্ধিৰ লক্ষ্যৰে অসম চৰকাৰৰ লোকনিৰ্মাণ বিভাগেও অধিক সজাগতাৰ বাবে ৰাষ্ট্ৰীয় পথ সুৰক্ষা মাহ পালন কৰিছে। সজাগতা সভাখনত মুখ্য কাৰ্যবাহী অভিযন্তা গোবিন্দ সিঙে নিজৰ ভাষণত পথ সুৰক্ষাৰ ক্ষেত্ৰত স্থানীয় ৰাইজৰ লগতে চালকসকলে কিদৰে পথ সুৰক্ষাৰ নীতি-নিয়মবোৰ মানিব লাগে সেই সন্দৰ্ভত এক বিস্তৃত আৰু তথ্য সম্বলিত ভাষণ আগবঢ়ায়।

ইয়াৰ লগতে ৰহা ক্ষেত্ৰীয় পথ সংমণ্ডলৰ সহকাৰী কাৰ্যবাহী অভিযন্তা হিৰণ্য দাসেও পথ সুৰক্ষাৰ নীতি-নিৰ্দেশনা সন্দৰ্ভত ভাষণ আগবঢ়াই সকলো লোককে এই নীতিসমূহ মানি চলিবলৈ আহ্বান জনায়।

সভাত উপস্থিত থাকি ৰহা  থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া লক্ষণ কুমাৰ দাস আৰু আছুৰ কেন্দ্ৰীয় তথ্য সম্পাদক মৃদুল হাজৰিকায়ো পথ সুৰক্ষা সন্দৰ্ভত ভাষণ দিয়ে।

উল্লখ্যে, বিভাগটোৱে অতি শীঘ্ৰে উক্ত এলেকাত পথ সুৰক্ষাৰ সজাগতাৰ বাবে  বিভিন্ন আঁচনি ৰূপায়ণ কৰা হ’ব বুলি মন্তব্য কৰে। সভাত ৰহা আঞ্চলিক সাংবাদিক সন্থাৰ সদস্যসকলৰ লগতে  বটদ্ৰৱা ক্ষেত্ৰীয় সংমণ্ডলৰ সহকাৰী কাৰ্যবাহী অভিযন্তা হিমাংশু দাস আৰু  ধিং ক্ষেত্ৰীয় সংমণ্ডলৰ সহকাৰী কাৰ্যবাহী অভিযন্তা দীনেশ চন্দ্ৰ মেধিৰ লগতে লোকনিৰ্মাণ বিভাগৰ তিনিওটা মণ্ডলৰ বিষয়া-কৰ্মচাৰীসকলৰ উপৰি স্থানীয় বহু লোক উপস্থিত থাকে ৷

You might also like