নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

এবছুৰ আঞ্চলিক শিক্ষা সম্পাদক অনচুলা বসুমতাৰীৰ আদ্যশ্ৰাদ্ধ, স্মৃতিসৌধ উন্মোচন

নিয়মীয়া বাৰ্তা, ২৭ জানুৱাৰীঃ এবছুৰ মধ্য জোনাই আঞ্চলিক সমিতিৰ শিক্ষা সম্পাদক প্ৰয়াত অনচুলা বসুমতাৰীৰ আদ্যশ্ৰাদ্ধ উপলক্ষে আজি এবছু নেতাগৰাকীৰ স্মৃতিত নিৰ্মাণ কৰি উলিওৱা স্মৃতিসৌধ উন্মোচন কৰে এবছুৰ মধ্য জোনাই আঞ্চলিক সমিতিৰ সভাপতি মথুৰাজ মুছাহাৰীয়ে।

ইয়াৰ পাছতে এবছুৰ মধ্য জোনাই আঞ্চলিক সমিতিৰ শিক্ষা সম্পাদক অনচুলা বসুমতাৰীৰ স্মৃতিত এখন শ্ৰদ্ধাঞ্জলি অনুষ্ঠান অনুষ্ঠিত কৰা হয়। মধ্য জোনাই আঞ্চলিক এবছুৰ সাধাৰণ সম্পাদক গাইডাঙে আঁতধৰা শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত সংগঠনটোৰ সভাপতি মথুৰাজ মুছাহাৰীয়ে কয় য়ে প্ৰয়াত অনচুলা বসুমতাৰীয়ে এবছুৰ শিক্ষা সম্পাদকৰ দায়িত্বত থকা সময়ত এবছুয়ে গ্ৰহণ কৰা শৈক্ষিক কাৰ্যসূচী সফল ৰূপায়ণ কৰিছিল।

বসুমতাৰী এগৰাকী প্ৰচাৰবিমুখ, সততা আৰু একাগ্ৰতাৰে কাৰ্য পালন কৰি যোৱা কৰ্মী আছিল বুলি বক্তব্য আগবঢ়াই অনচুলা বসুমতাৰীৰ মৃত্যু এবছুৰ বৃহৎ ক্ষতি বুলি কয়।

উল্লেখ্য যে ১৯৯৩ চনত বগৰীগুৰীৰ বদলপুৰ গাঁৱত জন্ম গ্ৰহণ কৰা অনচুলা বসুমতাৰী যোৱা বছৰৰ লকডাউনৰ ২২ এপ্ৰিলত ৰাতি শুই থকা অৱস্থাতে শেষ নিশ্বাস ত্যাগ কৰিছিল।

You might also like