নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

শোণিতপুৰত বজৰং নেতাৰ ৰহস্যজনক মৃত্যু

নিয়মীয়া বাৰ্তা, ২০ আগষ্টঃ ৰাষ্ট্রীয় বজৰং দলৰ শোণিতপুৰ জিলাৰ সভাপতি ধ্রুৱজ্যোতি মহন্তৰ ৰহস্যজনক মৃত্যুক কেন্দ্র কৰি তেজপুৰত উত্তেজনাই বিৰাজ কৰিছে৷ উল্লেখ্য যে তেজপুৰৰ নেপালীপট্টিৰ তনুজা বেগমৰ ঘৰত হঠাৎ অসুস্থ হৈ পৰিছিল ধ্রুৱজ্যোতি মহন্ত৷ ইয়াৰ পাছতেই তেওঁক তেজপুৰ ব্যপ্টিষ্ট খ্রীষ্টান হাস্পতালত ভর্তি কৰোৱা হয় আৰু বৃহস্পতিবাৰে পুৱা চিকিৎসকে ধ্রুৱজ্যোতিৰ মৃত্যু হোৱা বুলি ঘোষণা কৰে৷

তেওঁৰ মৃত্যুৰ খবৰ বিয়পি পৰাৰ লগে লগে বজৰং দলকে ধৰি বিভিন্ন দল–সংগঠনৰ কম্ৰে চিকিৎসালয় চৌহদ ভৰি পৰে৷ পৰিয়ালৰ লোক তথা বন্ধু মহলে সংবাদ মাধ্যমৰ আগত অভিযোগ কৰা মতে, ধ্রুৱজ্যোতিয়ে পাতি লোৱা বায়েক তনুজা বেগমৰ ঘৰত কালি আম আৰু পায়স খোৱাৰ পাছতেই অসুস্থ হৈ পৰিছিল আৰু কেইঘণ্টামানৰ ভিতৰতে তেওঁৰ অৱস্থা সংকটজনক হৈ পৰে৷ গতিকে পৰিয়াল আৰু বন্ধুবর্গই সন্দেহ প্রকাশ কৰিছে যে ধ্রুৱজ্যোতিক পায়সত বিহ মিহলাই দিয়া হৈছিল আৰু ইয়াৰ পৰিণতিতে অকাল মৃত্যুবৰণ কৰিলে সাহসী যুৱকজনে৷

ইফালে এই ঘটনাক কেন্দ্র কৰি সমগ্র দিনটো ডত্তেজনা বিৰাজ কৰে তেজপুৰত৷ তেজপুৰ নেপালীপট্টিৰ তনুজা বেগমৰ বাসগৃহ ঘেৰাও কৰি শতাধিক যুৱকে প্রতিবাদেৰে পৰিৱেশ উত্তাল কৰি তোলাৰ সময়তে ঘটনাস্থলীত আৰক্ষীৰ দল উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্রণ কৰে আৰু তনুজা বেগমক আটক কৰে৷

আনহাতে তনুজা বেগমক আটক কৰে যদিও আন এজন অভিযুক্ত জুনু আহমেদে ঘটনাস্থলীৰ পৰা পলায়ন কৰে৷ আৰক্ষীয়ে ধ্রুৱজ্যোতি মহন্তৰ মৃতদেহ তেজপুৰ কনকলতা অসামৰিক চিকিৎসালয়ত মৰণোত্তৰ পৰীক্ষাৰ ব্যৱস্থা কৰাই পৰিয়ালক গতাই দিয়ে৷ মৰণোত্তৰ পৰীক্ষাৰ প্রতিবেদনৰ পাছতহে ধ্রুৱজ্যোতিৰ মৃত্যুৰ প্রকৃত ৰহস্য পোহৰলৈ আহিব৷ ইতিমধ্যে ঘটনা সংক্রান্তত আৰক্ষীয়ে তদন্ত অব্যাহত ৰখাৰ লগতে আটকাধীন তনুজা বেগমক জেৰা অব্যাহত ৰাখিছে৷

You might also like