নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সোণোৱালৰ আশীর্বাদ যাত্রাক লৈ বিজেপিৰ ব্যাপক প্রস্তুতি

নিয়মীয়া বাৰ্তা, ২০ আগষ্টঃ কেন্দ্রীয় মন্ত্রীৰ দায়িত্বভাৰ লাভৰ পাছত প্রথমবাৰলৈ অসমলৈ আহিব প্রাক্তন মুখ্যমন্ত্রী সর্বানন্দ সোণোৱাল৷ মুখ্যতঃ আশীর্বাদ যাত্রাত অংশগ্রহণৰ লক্ষ্যৰে অহা ২১ আগষ্টত গুৱাহাটীত উপস্থিত হ’ব লগা কেন্দ্রীয় মন্ত্রী সোণোৱালক আদৰিবলৈ ৰাজ্যিক বিজেপিত চলিছে ব্যাপক প্রস্তুতি৷

উল্লেখ্য যে শেহতীয়াকৈ কেন্দ্রীয় মন্ত্রীসভাত স্থান লাভ কৰা নতুন মন্ত্রীসকলক নিজৰ ৰাজ্যৰ তিনিটাকৈ লোকসভা সমষ্টি ভ্রমণ কৰি কার্যকর্তাৰ সৈতে বার্তালাপৰ পৰামর্শ দিছিল ৰাষ্ট্রীয় নেতৃত্বই৷ সেই অনুসৰিয়েই ৰাজ্যৰ তিনি লোকসভা সমষ্টি ক্রমে গুৱাহাটী, নগাঁও আৰু যোৰহাট সমষ্টি পৰিভ্রমণৰ উদ্দেশ্যে অসমত পদার্পণ কৰিব লগা সোণোৱালক ২১ আগষ্টত বিমানবন্দৰত উষ্ম আদৰণি জনোৱাৰ বাবে ইতিমধ্যে প্রস্তুতি সম্পূর্ণ কৰি তুলিছে ৰাজ্যিক বিজেপিয়ে৷

২১ আগষ্টত লোকপ্রিয় গোপীনাথ বৰদলৈ বিমানবন্দৰত উপস্থিত হোৱাৰ পাছতেই সোণোৱালক আদৰণি জনোৱা হ’ব৷ ইয়াৰ পাছতে আজাৰাত দলৰ কার্যকর্তাসকলৰ সৈতে এক বৈঠকত মিলিত হৈ সুধাকণ্ঠ ভূপেন হাজিৰকাৰ সমাধিস্থলত শ্রদ্ধাঞ্জলি জ্ঞাপন কৰিব আৰু কামাখ্যা মন্দিৰ দর্শন কৰিব৷ দুপৰীয়াৰ ভাগত মাছখোৱাৰ বীৰ লাচিত বৰফুকনৰ প্রতিমূর্তিত শ্রদ্ধাঞ্জলি জ্ঞাপন কৰাৰ পাছত কেন্দ্রীয় মন্ত্রীগৰাকী উপস্থিত হ’ব হেঙেৰাবাৰীস্থিত ৰাজ্যিক বিজেপিৰ কার্যালয়ত৷

ইয়াত তেওঁ এখন সংবাদ মেল সম্বোধন কৰিব৷ আনহাতে বিয়লিৰ ভাগত নেহৰু ষ্টেডিয়ামত অসম অলিম্পিক সন্থাই তেওঁক আদৰণি জনাব৷ নিশা গুৱাহাটীত কটোৱাৰ পাছত ২২ আগষ্টত জাগীৰোডত কার্যকর্তাৰ সৈতে আন এক বৈঠকত মিলিত হ’ব৷ নগাঁও লোকসভা সমষ্টিত উপস্থিত হ’ব লগা মন্ত্রীগৰাকীক দুপৰীয়াৰ ভাগত ধৰমতুলত স্থানীয় কেইবাটাও সংগঠনে সম্বর্ধনা জ্ঞাপন কৰিব৷

ইয়াৰ পাছতেই দুপৰীয়াৰ ভাগত ফুলাগুৰিত কৃষকসকলৰ সৈতে এক বার্তালাপত মিলিত হ’ব৷ বিয়লিৰ ভাগত উপস্থিত হ’ব বটদ্রৱা থানত৷ সন্ধিয়া নগাঁও সাংস্কৃতিক কেন্দ্রত কেন্দ্রীয় মন্ত্রীগৰাকীয়ে গ্রহণ কৰিব সম্বর্ধনা৷ নিশা নগাঁৱত কটোৱাৰ পাছত ২৩ আগষ্টত উপস্থিত হ’ব যোৰহাট লোকসভা সমষ্টিত৷ যোৰহাট জিলা পুথিভঁৰালত কেন্দ্রীয় মন্ত্রী সোণোৱালক বিভিন্ন সংগঠনে আদৰণি জনাব৷ ইয়াৰ পাছতেই মৰিয়নিত কার্যকর্তাৰ সৈতে এক বৈঠকত বহিব৷

You might also like