নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বাক্সাৰ শালবাৰীত ইউ পি পি এলৰ আদৰণি সভা

নিয়মীয়া বাৰ্তা, ১২ অক্টোবৰঃ ভৱানীপুৰ সমষ্টিৰ বিজেপি প্ৰাৰ্থী ফণীধৰ তালুকদাৰক আদৰণি জনোৱাৰ উদ্দেশ্যে মংগলবাৰে বাক্সাৰ শালবাৰীত এখন আদৰণি ও ৰাজহুৱা সভা অনুষ্ঠিত কৰা হয় । ইউ পি পি এলৰ শালবাৰী জিলা সমিতিৰ উদ্যোগত অনুষ্ঠিত সভাত বিজেপি – অগপ- ইউ পি পি এল দলৰ কেইবাগৰাকী নেতাৰ লগতে ইউ পি পি এলৰ কাৰ্যকাৰী সভাপতি ৰৌনগৌৰা নাৰ্জাৰী উপস্থিত থাকি উপ নিৰ্বচনত পাঁ‌ছটা সমষ্টিৰ পাঁ‌ছটায়ে মিত্ৰজোঁ‌টে দখল কৰিব বুলি মন্তব্য প্ৰদাণ কৰে ।

ৰৌনগৌৰা নাৰ্জাৰীয়ে লগতে পৰিৱৰ্তনৰ স্বাৰ্থত ভৱানীপুৰ সমষ্টিৰ ৰাইজে ফণীধৰ তালুকদাৰক বিপুল ভোটত জয়ী কৰাব বুলিও মন্তব্য প্ৰদাণ কৰে । সভাত বিজেপিৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক ৰাতুল শৰ্মাই এ আই ইউ ডি এফ দলে উন্নয়নৰ পৰিবৰ্তে বিভেদ সৃষ্টি কৰাৰ কাৰনে ৰাজনীতি কৰে বুলি ভাষণ প্ৰদাণ কৰাৰ লগতে সংখ্যালঘু ৰাইজ বিজেপি , ইউ পি পি এলৰ লগতো আছে । সংখ্যালঘু ৰাইজে সাম্প্ৰদায়িক ৰাজনীতি নকৰে বুলিও ভাষনত উল্লেখ কৰে ৰাতুল শৰ্মাই । সভাত লগতে উপস্থিত থাকি ভাষণ ৰাখে এম চি এল এ দিলীপ বড়ো, ইউ পি পি এলৰ মহিলা কোষৰ সম্পাদীকা বিনা গয়াৰীয়ে ।

You might also like