নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিজনীত শ্ৰীমন্ত শংকৰদেৱৰ ৫৭৩ সংখ্যক আৱিৰ্ভাৱ মহোৎসৱৰ প্ৰস্তুতি

নিয়মীয়া বাৰ্তা ১২ অক্টোবৰঃ   চিৰাং জিলাৰ বিজনী সত্ৰত ৪ চাৰি দিনীয়া কাৰ্যসূচীৰে উদযাপন কৰা হ’ব শ্ৰীমন্ত শংকৰদেৱৰ ৫৭৩ সংখ্যক আৱিৰ্ভাৱ মহোৎসৱ । উক্ত মহোৎসৱ চলিত অক্টোবৰ মাহৰ ১৪ তাৰিখৰ পৰা ১৭ অক্টোবৰলৈ চাৰি দিনীয়া কাৰ্যসূচীৰে আবিৰ্ভাৱ মহোৎসৱ উদযাপন কৰা হ’ব । উক্ত কাৰ্যসূচী অনুসৰি সত্ৰৰ নিত্য- নৈমিত্তিক  নাম প্ৰসঙ্গ, ভাগৱত পাঠ, সত্ৰানুৰাগী ৰাইজৰ মাজত মত বিনিময় অনুষ্ঠান । ১৪ অক্টোবৰত মাণিকপুৰ উচ্চ বুনিয়াদী বিদ্যালয়ৰ অৱসৰ প্ৰাপ্ত প্ৰধান শিক্ষক কৰুণাকান্ত ৰায়ে গুৰুজনাৰ জীৱন দৰ্শনৰ ওপৰত আলোকপাত কৰিব ৷

 ১৫ অক্টোবৰত পুৱা ঊষা কীৰ্ত্তন , সত্ৰৰ নিত্য- নৈমিত্তিক  নাম প্ৰসঙ্গ, ভাগৱত পাঠ । পুৱা চাৰে ন বজাত প্ৰাচীৰ প্ৰত্ৰিকা উন্মোচন । উন্মোচন কৰিব অতিৰিক্ত উপযুক্ত তথা বিজনীৰ ভাৰপ্ৰাপ্ত মহকুমাধিপতি দিবাকৰ নাথে । পুৱা দহ বজাত বঙাইগাঁও স্বাগত হাস্পাতাল এণ্ড ৰিছাৰ্চ চেন্টাৰৰ সহযোগত বিজনী সত্ৰত বিনামূলীয়া স্বাস্থ্য পৰিক্ষা আৰু চিকিৎসা শিবিৰ উদ্বোধন । উদ্বোধন কৰিব ৩৩ নং বিজনী বিধান সভাৰ সমষ্টিৰ বিধায়ক অজয়  ৰায়ে । আবেলি চাৰি  বজাত আই সকলৰ নাম পৰিবেশন । সন্ধিয়া ছয় বজাত সত্ৰ আৰু ঘৰে ঘৰে বন্তিপ্ৰজ্বলন । সত্ৰত বন্তিপ্ৰজ্বলন কৰিব বনলতা দাসে ।

১৬ অক্টোবৰৰ পুৱা দহ বজাত অসম দৰ্শন আঁচনিৰ দ্বাৰা নৱ নিৰ্মিত বিজনী সত্ৰৰ ৰঙিয়াল গৃহ উদ্বোধন । উদ্বোধন কৰিব পঞ্চায়ত আৰু গ্ৰাম্য উন্নয়ন বিভাগৰ  মন্ত্ৰী ৰণজিৎ দাসে । পুৱা চাৰে দহ বজাত যুৱ সমাৰোহ ।

যুৱ সমাৰোহ উদ্বোধন কৰিব মন্ত্ৰী ৰণজিৎ দাসে । লগতে বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকিব সংগীত শিল্পী তৰালী শৰ্মা । আলোচক হিচাপে উপস্থিত থাকিব কোকৰাঝাৰৰ উপায়ুক্ত বৰ্ণালী ডেকা । লগতে উপস্থিত থাকিব গুৱাহাটীৰ অধিবক্তা, জ্যেষ্ঠ সাংবাদিক দিপক শৰ্মা । পিছত গুৱাহাটীৰ পৰা অহা ছাত্ৰ-ছাত্ৰীৰ মাজত চিত্ৰাংকন আৰু মুকলি কৃষ্ণৰ ভাও ধৰা প্ৰতিযোগিতা । অন্তিম দিনা পুৱা দহ বজাত ভাগৱত শোভাযাত্ৰা । ভাগৱত বহন কৰিব শ্ৰীমন্ত শংকৰ মাধৱদেৱ মিচন বৰপেটা সচিৰ উদ্ধৱ দাসে । উক্ত ভাগৱত শোভাযাত্ৰা উদ্বোধন কৰিব বিটিআৰৰ কাৰ্যবাহী সদস্য ধনঞ্জয় বসুমতাৰী ‌। দিনৰ দুই বজাত সত্ৰত ঠিয়নাম সমাৰোহ । ঠিয়নাম সমাৰোহ উদ্বোধন কৰিব বিটিআৰৰ কাৰ্যবাহী সদস্য অৰূপ কুমাৰ দেই  ।

বৰ্ণালী তালুকদাৰ বিজনী

You might also like