নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বাক্সাৰ ককলাবাৰী পৰিষদীয় সমষ্টিৰ কেবাটাও পৰিয়ালত গৈ ভেকচিনেচন কাৰ্যসূচীত অংশগ্রহণ কৰে মন্ত্রী উৰ্খাও গৌৰা ব্ৰহ্মই:

নিয়মীয়া বাৰ্তা ,  ১ ডিচেম্বৰ :বাক্সা জিলাৰ ককলাবাৰী পৰিষদীয় সমষ্টিৰ অন্তৰ্গত অঞ্চলী ক্ষুদ্র প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত আজি মন্ত্রী উৰ্খাও গৌৰা ব্ৰহ্মই উপস্থিত হৈ ক’ভিড ভেকচিনেচনৰ বিষয়ে বুজ লয়। পিছত মন্ত্রী ব্ৰহ্মই বাদুলিপাৰা গাঁৱৰ কেবাটাও পৰিয়ালত গৈ ক’ভিড ভেকচিনেচন কাৰ্যসূচীত অংশগ্রহণ কৰি ভেকচিনেচন নোলোৱা লোক সকলক ভেকচিনেচনৰ প্ৰয়োজনীয়তাৰ সম্পর্কে বুজনি দিয়ে। একেদৰে কুজিদেওঁৰ গাঁৱতো ঘৰে ঘৰে প্ৰদান কৰা ভেকচিনেচন কাৰ্যসূচীত অংশগ্রহণ কৰে। ভেকচিনেচন কাৰ্যসূচীত অংশগ্রহণ কৰি মন্ত্রী উৰ্খাও গৌৰা ব্ৰহ্মই সংবাদ মাধ্যমৰ আগত কয়, ” সমগ্র ভাৰতবৰ্ষতেই কৰোনা মুক্ত কৰা এক অভিযান চলিছে। যি সকলে ভেকচিন লোৱা নাই সেই সকলক ভেকচিন লোৱাৰ বাবে বুজনি দিয়াৰ হেতুকে মন্ত্রীসকলক ঘৰে ঘৰে গৈ বুজাবলৈ পঠিয়াইছে। বাক্সা জিলা হিচাপে কৰোনা ভেকচিন নোলোৱাৰ সংখ্যা অতি কম। কালিলৈকে ইয়াৰ সংখ্যা আৰু কমি পাঁচ বা ছয় হাজৰলৈ কমিছে। কৰোনা ভেকচিন লোৱাৰ পাছতো সন্তান সম্ভবা মাতৃ সকলৰ কোনো অসুবিধা নহয়। ভেকচিন প্ৰদানটো ভাৰতবৰ্ষৰ এটা পলিচি হৈ গ’ল৷। সেয়ে ভেকচিন নোলোৱাকৈ কোনেও থাকিব নোৱাৰে। আজি নললেও কাইলৈ ল’বই লাগিব। কাৰণ আমাৰ লক্ষ্য হ’ল কৰোনা মুক্ত ভাৰত গঢ়া। আনহাতে কৰোনাৰ তৃতীয় ঢৌ অহাৰ আগে আগে এই ভেকচিনেচন কাৰ্যসূচী সম্পন্ন কৰিব পাৰিলে আমাৰ ভাৰতবৰ্ষত এইটো সোমালেও আমাৰ ভয় কৰিবলগীয়া একো নাই। ” মন্ত্রীৰ লগত সংগ দিয়ে জালাহ উন্নয়ন খণ্ডৰ ভাৰপ্ৰাপ্ত চৰকাৰী প্ৰতিনিধি মন্টু বড়ো, চিকিৎসক হীৰণ্য ডেকা,হৃদয় পাঠক আৰু অবিনাশ তালুকদাৰে।

 

 

You might also like