নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ধুবুৰীত অভিভাৱক মন্ত্ৰী ৰণজিত কুমাৰ দাস: বিভিন্ন চৰকাৰী কাৰ্যসূচীত অংশগ্ৰহণ 

নিয়মীয়া বাৰ্তা, ১ ডিচেম্বৰ:ধুবুৰী জিলাৰ অভিভাৱক তথা অসম চৰকাৰৰ খাদ্য, অসামৰিক যোগান আৰু গ্ৰাহক পৰিক্ৰমা, জনস্বাস্থ্য কাৰিকৰী, পঞ্চায়ত আৰু গ্ৰামোন্নয়ণ আদি বিভাগৰ মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে আজি জিলাখনত কেবাটাও চৰকাৰী কাৰ্যসূচীত ভাগ লয়৷ পুৱা তেওঁ ধুবুৰী পৌৰসভা এলেকাৰ ১৫ নং ৱাৰ্ডত উপস্থিত হৈ অঞ্চলটোৰ ২২৮, ২৩০ আৰু ২৩১ নং ভোটকেন্দ্ৰত এশ শতাংশ কোভিড টিকাকৰণ হোৱা বুলি ঘোষণা কৰে৷ তেওঁ এই তিনিটা ভোটকেন্দ্ৰৰ দৰে সমগ্ৰ ধুবুৰী জিলাৰ প্ৰতিটো ভোটকেন্দ্ৰ এলেকাৰ এশ শতাংশ লোকৰ টিকাকৰণ অহা ৫ ডিচেম্বৰৰ ভিতৰত সম্পূৰ্ণ হ’ব বুলি আশা প্ৰকাশ কৰে৷ ইয়াৰ পিছতে মন্ত্ৰীগৰাকীয়ে ধুবুৰী জিলা উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত তেওঁৰ অধীনস্থ খাদ্য, অসামৰিক যোগান আৰু গ্ৰাহক পৰিক্ৰমা বিভাগ, পঞ্চায়ত আৰু গ্ৰামোন্নয়ণ বিভাগকে ধৰি জনস্বাস্থ্য কাৰিকৰী বিভাগৰ কাম-কাজৰ পৰ্যালোচনা কৰে৷ তেওঁ যোগ্য বিবেচিত প্ৰতিটো অনুসূচীত জাতি, অনুসূচীত জনজাতিৰ লোকৰ পৰিয়াল আৰু প্ৰতিঘৰ চাহ বাগানৰ শ্ৰমিকৰ পৰিয়ালক এমজিএনৰেগাৰ জব কাৰ্ড দিয়াৰ বাবে বিশেষ পদক্ষেপ লবলৈ বৈঠকত উপস্থিত থকা খণ্ড উন্নয়ণ বিষয়াসকলক নিৰ্দেশ দিয়ে৷ তেওঁ বিডিঅ’সকলক শীঘ্ৰে গাঁও পঞ্চায়তৰ সভাপতি আৰু সচিবসকলৰ সৈতে বৈঠক অনুষ্ঠিত কৰিবলৈ পৰামৰ্শ দিয়ে৷ গাঁও পঞ্চায়তৰ সভাপতি, সম্পাদকসকলক এশ শতাংশ টিকাকৰণ নিশ্চিত কৰাৰ বাবে চলি থকা ‘হৰ ঘৰ দস্তক’ অভিযানত সংক্ৰিয়তাৰে অংশীদাৰ হ’বলৈ, পুখুৰী খন্দাৰ অধিক প্ৰস্তাৱ জমা দিবলৈ আৰু জলজীৱন মিছনৰ অধীনত কাৰ্যকৰী হোৱা পানীযোগান আঁচনিবোৰৰ চোৱাচিতা কৰিবলৈ কবলৈ বিডিঅ’সকলক মন্ত্ৰীগৰাকীয়ে নিৰ্দেশ দিয়ে৷ বৈঠকত উপস্থিত থকা ধুবুৰী জিলাৰ

অভিভাৱক সচিব তথা পঞ্চায়ত আৰু গ্ৰামোন্নয়ণ বিভাগৰ প্ৰধান সচিব জে বি এক্কাই খণ্ড উন্নয়ণ বিষয়াসকলক বিত্তীয় আয়োগৰ ধনেৰে ৰূপায়িত আঁচনি, এমজিএনৰেগা আদিৰ ধনৰ ব্যৱহাৰ বৃদ্ধি কৰিবলৈ নিৰ্দেশ দিয়ে৷ চলি থকা আঁচনিবোৰ খৰতকীয়কৈ সমাপ্ত কৰাৰ ওপৰত তেওঁ গুৰুত্ব আৰোপ কৰে৷ তেওঁ ধনৰ সকলো কিস্তি আদায় লোৱাৰ পিছতো প্ৰধানমন্ত্ৰী আবাস যোজনাৰ গৃহ আধৰুৱা হৈ থকা হিতাধিকাৰীসকলক শীঘ্ৰে নিৰ্মাণ সম্পূৰ্ণ কৰাৰ বাবে হেঁচা দিবলৈ বিডিঅ’ সকলক কয়৷ পৰ্যালোচনা বৈঠকত ধুবুৰী জিলা উপায়ুক্ত অন্বামুথন এম পি প্ৰমুখ্যে জিলা প্ৰশাসনৰ কেবাগৰাকী শীৰ্ষ বিষয়া উপস্থিত থাকে৷ পৰ্যালোচনা বৈঠকৰ পিছতে মন্ত্ৰীগৰাকীয়ে কোভিডত মৃত্যু হোৱা লোকৰ নিকটাত্মীয় ৰমিছা বেগম, সৰস্বতী দাস আৰু য়াছমিন বিবিক মুখ্যমন্ত্ৰীৰ কোভিড-১৯ বিধৱা সাহাৰ্য্য আঁচনিৰ অধীনত আঢ়ৈ লাখকৈ টকাৰ চেক বিতৰণ কৰে৷ উক্ত বৈঠকখনৰ অন্তত মন্ত্ৰীগৰাকী ধুবুৰী জিলাৰ গৌৰীপুৰৰ সমীপৰ টেৰাকোটা গাওঁ বুলি প্ৰখ্যাত আশাৰীকান্দিত উপস্থিত হয় আৰু অঞ্চলটোৰ মাদাইখালীত তেঅসম আদৰ্শ গ্ৰাম যোজনাৰ অধীনত নিৰ্মিত এটা পাৰঘাট উদ্বোধন কৰে৷ উল্লেখ্য যে, যোৱানিশা ধুবুৰীত উপস্থিত হোৱাৰ পিছত চহৰখনৰ তেতুলতলাস্থিত বিজেপিৰ জিলা কাৰ্যালয়ত উপস্থিত হৈ দলীয় কাৰ্যকৰ্তা আৰু কৰ্মীসকলৰ সৈতে মিলিত হৈছিল মন্ত্ৰী দাসে। ইপিনে বিগত বিধানসভা নিৰ্বাচনত ধুবুৰী জিলাৰ আটাইকেইটা বিধানসভা সমষ্টিত শোচনীয় পৰাজয় বৰণ কৰিছিল যদিও আগন্তক পৌৰসভা নিৰ্বাচনক লৈ এতিয়াৰে পৰা টঙালী বান্ধিছে বিজেপিয়ে। জানিব পৰা মতে, ধুবুৰীকে ধৰি জিলাখনৰ প্ৰতিটো পৌৰসভা দখল কৰাৰ লক্ষ্য বান্ধি লৈছে দলটোৱে। তাৰেই পৰিপ্ৰেক্ষিতত কালি নিশা ধুবুৰীস্থ দলীয় কাৰ্যালয়ত জিলাখনৰ অভিভাৱক মন্ত্ৰীগৰাকী উপস্থিত হোৱাটো তাৎপৰ্যপূৰ্ণ বুলিয়েই বিৱেচিত হৈছে স্থানীয় ৰাজনৈতিক বিশ্লেষকসকলৰ মাজত। উল্লেখ্য যে, ধুবুৰীৰ দলীয় কাৰ্যালয়ৰ অনুষ্ঠান সমাপ্ত হোৱাৰ পিছত যোৱানিশাই বিগত ৯ অক্টোবৰৰ দিনা ইহলীলা সম্বৰণ কৰা জিলা বিজেপিৰ জ্যেষ্ঠ কাৰ্যকৰ্তা প্ৰয়াত শিবু পালৰ ধুবুৰীৰ বালুৰচৰস্থিত বাসগৃহত উপস্থিত হৈ পৰিয়ালটোৰে এক আলাপচাৰিতাত মিলিতো হৈছিল মন্ত্ৰীগৰাকীয়ে।

You might also like