নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জাগুনত আলফা (স্বাঃ) দুধৰ্ষ কেডাৰ আটক

নিয়মীয়া বাৰ্তা, ১ ডিচেম্বৰঃ- তিনিচুকীয়া জিলাৰ জাগুনৰ সীমামূৰীয়া অঞ্চলৰ পৰা আটক এগৰাকী আলফা স্বাধীনৰ দুধৰ্ষ কেডাৰ। মঙলবাৰে সন্ধিয়া অৰুণাচল প্ৰদেশৰ জয়ৰামপুৰ স্থিত ১৯ নং আচাম ৰাইফলছে অসম অৰুণাচল সীমামূৰীয়া টিংকুপানী সংৰক্ষিত বনাঞ্চলত উগ্ৰপন্থী বিৰোধী অভিযান চলাই আটক কৰিবলৈ সক্ষম হয় এগৰাকী আলফা স্বাধীনৰ সদস্য। আটকাধিন সদস্য গৰাকী নাম গ্ৰীৰিন্দ্ৰ চেতিয়া(৩৮) ওৰফে পৱিত্ৰ অসম। ঘৰ তিনিচুকীয়াৰ বৰডুবি থানাৰ অন্তৰ্গত জেঙনী গাঁৱত বুলি জানিব পৰা গৈছে। আটকাধিন সদস্য গৰাকীৰ পৰা এটা ৯ এম এম পিষ্টল, ৩ জাই সক্ৰিয় গুলী উদ্ধাৰ কৰা হৈছে।

আচাম ৰাইফলছে আটকাধিন সদস্যক আজি জাগুন আৰক্ষী গতাই দিয়ে।  আৰক্ষীয়ে অধিক তথ্য লাভৰ বাবে আলফা সদস্যক জেৰা অব্যাহত ৰাখিছে। 

 

You might also like