নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মহা অষ্টমীত ধুবুৰীৰ দুৰ্গাপূজা উপভোগ কৰিব ড৹ হিমন্ত বিশ্ব শৰ্মাই

পূজা আগবঢ়াব বগৰীবাৰিৰ ঐতিহ্যমণ্ডিত মহামায়া মন্দিৰত

নিয়মীয়া বাৰ্তা    ১২ অক্টোবৰঃ  পোন প্ৰথমবাৰৰ বাবে অসমৰ এগৰাকী মুখ্যমন্ত্ৰীয়ে দুৰ্গাপূজা উপভোগ কৰিবলৈ আহিব ধুবুৰীলৈ। জানিব পৰা মতে,  মহা অষ্টমীৰ দিনা দুৰ্গাপূজা উপভোগ কৰিবলৈ ধুবুৰীলৈ অহাৰ কথা আছে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই। প্ৰাপ্ত তথ্য মতে মুখ্যমন্ত্ৰীগৰাকীয়ে ধুবুৰী জিলাৰ ধুবুৰীৰ উপৰিও গৌৰীপুৰ, বিলাসীপাৰা আৰু তামাহাটৰ বিভিন্ন পূজামণ্ডপ দৰ্শন কৰিব। কালি দিনৰ ১১–১৫টা মান বজাত মুখ্যমন্ত্ৰী ড৹ শৰ্মাই পাণবাৰীস্থ বিএছএফ কেম্পৰ হেলিপেডত হেলিকপ্টাৰেৰে অৱতৰণ কৰাৰ পিছত তাৰ পৰা পোনে পোনে বিলাসীপাৰাৰ বিভিন্ন পূজামণ্ডপলৈ যাব।

বিলাসীপাৰাৰ পৰা কোকৰাঝাৰ জিলাৰ বগৰীবাৰিৰ ঐতিহ্যমণ্ডিত মা মহাময়া মন্দিৰত বিশেষ পূজা আগবঢ়াব তেখেতে। মন্দিৰত দুপৰীয়া ‘মাৰ ভোগ গ্ৰহণ কৰাৰ পিছত ধুবুৰী জিলাৰ গৌৰীপুৰ আৰু তামাহাটৰ বিভিন্ন পূজামণ্ডপত উপস্থিত হ’ব মুখ্যমন্ত্ৰীগৰাকীয়ে।

জানিব পৰা মতে, মুখ্যমন্ত্ৰী ড৹ শৰ্মাই গোৱালপৰীয়া লোকগীতৰ সম্ৰাজ্ঞী পদ্মশ্ৰী প্ৰয়াত প্ৰতিমা পাণ্ডে বৰুৱাৰ সংগীত সাধনাৰ পীঠস্থান গৌৰীপুৰৰ মাটিয়াবোগৰ ‘হাৱা মহল’ পৰিদৰ্শন কৰাৰো সম্ভাৱনা আছে। ইয়াৰোউপৰি মুখ্যমন্ত্ৰী গৰাকীয়ে ধুবুৰীৰ ঝগৰাৰপাৰত নিৰ্মীয়মান চিকিৎসা মহাবিদ্যালয়খনৰৰ কাম–কাজৰ অগ্ৰগতিৰ বুজ ল’বলৈ তাত উপস্থিত হ’ব বুলিও প্ৰকাশ।

কাৰ্যসূচীনুসৰি কাইলৈৰ মহা অষ্টমীৰ নিশা মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ধুবুৰীৰ বিভিন্ন পূজাথলীত পূজা উপভোগ কৰাৰ পিছত স্থানীয় আৱৰ্ত ভৱনত ৰাত্ৰিবাস কৰিব। পিছদিনা পুৱা ধুবুৰীৰ ইতিহাসপ্ৰিদ্ধ ‘শ্ৰী গুৰু টেগ বাহাদুৰ চাহিব গুৰুদ্বাৰা” দৰ্শন কৰাৰ পিছত পানবাৰীৰ পৰা হেলিকপ্টাৰেৰে গুৱাহাটীলৈ উৰা মাৰিবো তেখেতে। ইপিনে পোন প্ৰথমবাৰৰ বাবে অসমৰ মুখ্যমন্ত্ৰী এগৰাকীয়ে ধুবুৰী জিলাত দুৰ্গাপূজা উপভোগ কৰিবলৈ অহাক কেন্দ্ৰ কৰি জিলাখনৰ বিভিন্ন দুৰ্গাপূজা কমিটিৰ কাৰ্যকৰ্তাকে ধৰি ৰাইজৰ মাজতো ব্যাপক উৎসুকতাৰ জন্ম হোৱা দেখা পোৱা গৈছে।

 

অমিতাভ চক্ৰৱৰ্তী, ধুবুৰী

You might also like