নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বঢ়মপুৰত নৱম অসম আৰক্ষী বাহিনীৰ কাৰ্যালয়ত হিন্দু-ইছলামধৰ্মী দুই শিল্পীৰ হাতৰ পৰশত নিৰ্মিত কাঠৰ প্ৰতিমাৰে দুৰ্গা পূজা

নিয়মীয়া বাৰ্তা , ১২ অক্টোবৰ : বঢ়মপুৰৰ নৱম অসম আৰক্ষী বাহিনীৰ কাৰ্যালয়ত দুই হিন্দু আৰু মুছলমানৰ শিল্পীয়ে কাঠৰে নিৰ্মান কৰা প্ৰতিমাৰে এইবাৰো দুৰ্গাপূজা অনুষ্ঠিত হৈছে।২০১৫ বৰ্ষৰ পৰাই কাঠেৰে নিৰ্মিত এই বতিক্রমী মহিষমদিনীৰ পূজাই অনেকৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে।শিশু আৰু মহানিমৰ গছেৰে মূৰ্তি নির্মাণ কৰা ভাষ্কয শিল্পী দুজন হ’ল আৰক্ষী বাহিনীটোৰ উপ পৰিদৰ্শক পংকজ মহন্ত আৰু জোৱান মণি আহমেদ।২০১৪ চনতে দুয়োগৰাকী শিল্পীয়ে এঘাৰ মাহ সাত দিন কঠোৰ শ্ৰম কৰি শিশু গছ আৰু নিম গছৰ কাঠৰে ৯.৫ ফুট উচ্চতাৰ দুৰ্গা মূৰ্তি আৰু ৬ ফুট উচ্চতাৰ লক্ষ্মী,সৰস্বতী,কাৰ্তিক আৰু গনেশৰ মূৰ্তি সাজি উলিয়াইছিল।শংকৰ আজানৰ দেশত দাঙি ধৰিছিল সমন্ধয় আৰু ঐক্যতাৰ এক অপূৰ্ব নিদৰ্শন।

উল্লেখযোগ্য যে,এই সকলোবোৰ কৃতিত্ব শিল্প আৰু ভাস্কৰ্য নিৰ্মাণৰ প্ৰকৃত নিৰ্মাতা আৰক্ষী বাহিনীৰ উপ পৰিদৰ্শক পংকজ মহন্ত।শিল্পী মহন্তই পাৰ্যমানে থলুৱা ঠাঁচত প্ৰতিমাখনি গঢ়িবৰ চেষ্টা কৰিছে।প্ৰতিমা কেইটিয়ে পৰিধান কৰিছে অসমীয়া আ- অলংকাৰ।দুৰ্গা মাৰ ডিঙিত জোনবিৰি,গলপতা আৰু হাতত গামখাৰু ইত্যাদি।বস্ত্ৰ, অলংকাৰ মূৰ্তিৰ গাতে খোদিত কৰা হৈছে।বাৰ্নিচ কালাৰ দিয়া মূৰ্তিসমূহ পাট মুগাৰ কাপোৰ পৰিধান কৰা যেন চিহ্নিত হৈছে।দেৱী দুৰ্গা,মহিষাসুৰ,গণেশ, কাৰ্তিককে ধৰি মূৰ্তিসমূহে হাতত লোৱা অস্ত্ৰ শস্ত্ৰ সমূহ কাঠৰ।কাঠৰ বাহিৰে আন কোনো সামগ্ৰী মূৰ্তি সমূহত ব্যৱহাৰ হোৱা নাই।লোহাৰ গজালৰ পৰিবৰ্তে বাঁহ আৰু কাঠৰ শলখা ব্যৱহাৰ কৰা হৈছে।শিল্পী মহন্তক এই কামত সহায় কৰা মুছলমান সম্প্ৰদায়ৰ ব্যক্তিজন হ’ল তেওঁৰে সহকৰ্মী তথা বাহিনীটোৰ আৰক্ষী জোৱান মণি আহমেদ।ৰাম-ৰহিম নামেৰে পৰিচিত এই শিল্পী দুগৰাকীয়ে সাজি উলিওৱা কাঠৰ দুৰ্গা প্ৰতিমাই কেৱল তেওঁলোকৰ বিৰল প্ৰতিভাৰেই প্ৰকাশ কৰা নহয়,সমগ্ৰ অঞ্চলত ভাতৃত্ব আৰু ঐক্য সম্প্ৰীতিৰ বাতাবৰণ সৃষ্টিত বিশেষ অৰিহণা যোগাইছে।

উল্লেখ্য যে,পুৰণিগুদামৰ শতবৰ্ষ গৰকা লেৰেলা খনিকৰে নিৰ্মাণ কৰা কাঠৰ দুৰ্গা প্ৰতিমাৰ পাছতেই বঢ়মপুৰস্থিত নৱম অসম বাহিনীৰ কাৰ্যালয়ত নিৰ্মাণ কৰা শিল্পী পংকজ মহন্ত আৰু মণি আহমেদৰ কাঠৰ প্ৰতিমাই অসমৰ ৰাইজৰ দৃষ্টি আকৰ্ষণ কৰিছে।উল্লেখযোগ্য যে,বিগত বৰ্ষ সমূহত বাহিনীটোৰ প্ৰেক্ষাগৃহতেই দুৰ্গা পূজা ভাগ অনুষ্ঠিত কৰা হৈছিল।কিন্তু ২০২০ বৰ্ষত কাঠেৰে নিৰ্মিত দুৰ্গা প্ৰতিমাৰ সংৰক্ষণৰ প্ৰতি লক্ষ্য ৰাখি বাহিনীটোৱে কাৰ্যালয়টোৰ চৌহদতে এটি স্থায়ী দুৰ্গা মন্দিৰ নিৰ্মান কৰাৰ পদক্ষেপ গ্ৰহণ কৰে।নৱম অসম আৰক্ষী বাহিনীৰ অধিনায়ক গৰাকীৰ বিশেষ প্ৰচেষ্টাত আৰু বঢ়মপুৰ গাঁও পঞ্চায়ত,বাহিনীটোৰ বিষয়া কৰ্মচাৰী,জোৱান আৰু শুভাকাংক্ষী সকলৰ সহযোগত নিৰ্মীয়মান সাৰ্বজনীন দুৰ্গা মন্দিৰৰ মূল মণ্ডপ ভাগ আৰু দৰ্শনাৰ্থীৰ বাবে স্থায়ী প্ৰেক্ষাগৃহৰ নিৰ্মান কাৰ্য এটি ইতিমধ্যে সম্পূৰ্ণ হৈ উঠিছে আৰু এইবাৰ এই স্থায়ী মন্দিৰতে দুৰ্গা পূজা ভাগ অনুষ্ঠিত হৈছে।বাহিনীটোৰ স্থায়ী মন্দিৰত অনুষ্ঠিত হ’ব লগীয়া দূৰ্গা পূজা ভাগ দৰ্শনৰ বাবে সকলো স্তৰৰ লোকৰ বাবে মুকলি কৰি দিয়া হৈছে। বাহিনীটোৰ দুৰ্গোৎসৱলৈ সমূহ ৰাইজক আমন্ত্ৰণ জনাইছে নৱম অসম আৰক্ষী বাহিনীৰ অধিনায়ক মানবেন্দ্ৰ দেৱ ৰায়ে।

You might also like