নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মহা সপ্তমী! ধুবুৰীত দুৰ্গোৎসৱক লৈ পাৰ ভঙা উছাহ ৰাইজৰঃ ধুবুৰী জিলাত আয়োজিত হৈছে সৰ্বমুঠ ৩৯২টা দুৰ্গাপূজা

নিয়মীয়া বাৰ্তা   , ১২ অক্টোবৰঃ প্ৰখৰ ৰ’দকো নেওচি আজি মহা সপ্তমীৰ পুৱাৰ পৰাই ধুবুৰীৰ পূজামণ্ডপে পূজামণ্ডপে দেখা গ’ল ৰাইজৰ পাৰ ভঙা উছাহ। বিগত বছৰৰ পৰা আৰম্ভ হোৱা ক’ভিড মহামাৰীৰ বাবে উদ্ভৱ হোৱা পৰিৱেশ বৰ্তমানে কিছু শাম কটাৰ পিছত স্বস্তিৰ নিশাহ পেলাইছে ৰাইজে আৰু জাতি–ধৰ্ম–ভাষা নিৰ্বিশেষে সকলোৱে ধুবুৰীৰ এতিয়া বুৰ গৈছে দুৰ্গোৎসৱত। উল্লেখ্য যে, সমগ্ৰ ধুবুৰী জিলাত এইবাৰ মুঠ ৩৯২টা পূজা অনুষ্ঠিত হোৱাৰ বিপৰীতে ধুবুৰী থানা এলেকাত অনুষ্ঠিত হৈছে ৯৪টা দুৰ্গাপূজা।

ইপিনে চহৰখনত আয়োজিত হোৱা বিভিন্ন পূজামণ্ডপৰ ভিতৰত এইবাৰ ধুবুৰী চহৰৰ মাজমজিয়াৰ ঐতিহ্যমণ্ডিত ৰজা প্ৰভাত চন্দ্ৰ বৰুৱা খেলপথাৰত ‘সবুজ সংঘ’ৰ দুৰ্গাপূজাৰ মণ্ডপে ৰাইজৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে। ১৯৫১ চনৰ পৰা আৰম্ভ হোৱা সবুজ সংঘৰ এই দুৰ্গাপূজাই এইবাৰ ৭১ বছৰত ভৰি দিছে। এটা মন্দিৰৰ আৰ্হিত মণ্ডপ শিল্পী স্বপন বাইনে নিৰ্মাণ কৰি উলিয়াইছে সবুজ সংঘৰ এইবাৰৰ দুৰ্গামণ্ডপ। ইয়াতে উল্লেখ্য যে, প্ৰতি বছৰে বিভিন্ন ধৰণৰ সামগ্ৰীৰে দুৰ্গা প্ৰতিমা নিৰ্মাণ কৰি আলোড়নৰ সৃষ্টি কৰি আহিছে ধুবুৰীৰ স্থানীয় শিল্পী প্ৰদীপ ঘোষে। এইবেলি প্ৰায় এহেজাৰ বিদ্যুৎৰ বাল্বেৰে ঘোষে নিৰ্মাণ কৰা দৃষ্টিনন্দন দুৰ্গা প্ৰতিমাটো সবুজ সংঘৰ পূজামণ্ডপত প্ৰদৰ্শনৰ বাবে ৰখা হৈছে আৰু সেয়াও ৰাইজৰ এক আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰা দেখা গৈছে।

অমিতাভ চক্ৰৱৰ্তী, ধুবুৰী

You might also like