নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বালিপৰাত ৰঙাপৰাৰ বিধায়কক ৰাজহুৱা সম্বৰ্ধনা

নিয়মীয়া বাৰ্তা  ১৫ অক্টোবৰঃ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ৫৭৩ সংখ্যক জন্ম জয়ন্তীৰ লগত সংগতি ৰাখি আজি বালিপৰাৰ এৰাগাঁওস্থিত শ্ৰী শ্ৰী কমলাবাৰী শাখা সত্ৰত অনুষ্ঠিত জন্ম জয়ন্তী অনুষ্ঠানত গঞা ৰাইজৰ তৰফৰপৰা ৰঙাপৰা সমষ্টিৰ যুৱ বিধায়ক কৃষ্ণ কমল তাঁতীক ৰাজহুৱা সম্বৰ্ধনা জনায় । বিধায়কগৰাকীক অসমীয়া সংস্কৃতিৰ গৌৰৱ গামোছা, জাপি আৰু শৰাইৰে বিশেষ সম্বৰ্ধনা জনোৱা হয় । অনুষ্ঠানটোত এৰাগাঁওবাসী সমূহ ৰাইজ উপস্থিত থাকে ।

You might also like