নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিহালী বনাঞ্চলৰ ৰাধাচুত অৰুণাচলীৰ তাণ্ডৱ অব্যাহত : গছ কাটি মাটি দখল

নিয়মীয়া বাৰ্তা  ২৮ অক্টোবৰ : বিহালী বনাঞ্চলত অৰুণাচলীৰ তাণ্ডৱ অব্যাহত থকাৰ শেহতীয়া প্ৰতিচ্ছবি এখনৰ উন্মোচন ঘটিছে। বিহালী বনাঞ্চলৰ ডিকালমুখ বন শিবিৰ অতিক্ৰম কৰি গৈ অৰুণাচল সীমান্তত ৰাধাচুত যিটো বন শিবিৰ আছে সেই বন শিবিৰটোৰ পৰা প্ৰায় এক কিলোমিটাৰ নিলগত দিহিৰি নৈৰ পূব প্ৰান্তত বিবাদমান এলেকাত অৰুণাচলী সকলে গছ কাটি বিস্তৃত মাটি মুকলি কৰি খেতি কৰাৰ বাবে প্ৰস্তুতি আৰম্ভ কৰিছে। বন শিবিৰ প্ৰায় দাঁতি কাষতে প্ৰকাশ্যে অৰুণাচলী সকলে গছ কাটি মাটিত বগৰাই কৰতেৰে হেলাৰঙে কাটি লৈ যাব পৰা সাহস কত পালে ? আনহাতে উক্ত বিবাদমান এলেকাৰ যি বিস্তৃত ভূমি মুকলি কৰিছে সেই কার্য কৰাৰ হকে এদিন দুদিন বা পষেকজোৰা সময় লগা নাই ইয়াৰ বাবে নিশ্চিত ভাবে বহু দিনৰ অৱশ্যেক হৈছে। পিছে সেই দুষ্কাৰ্য বন শিবিৰত মোতায়েন থকা জোৱান সকলৰ লগতে বন বিভাগৰ দৃষ্টিগোচৰ নোহোৱাতো অতি দুৰ্ভাগ্যজনক বুলি অভিহিত হৈছে। উল্লেখযোগ্য যে এই দিহিৰি নৈৰ উত্তৰে চাউল ধোঁৱাত ২০১৩ চনত অসমৰ ১৫ জনলৈ অসমীয়া লোকক বনাঞ্চল সুৰক্ষা দি থকা অৱস্থাত অৰুণাচলীয়ে নিশংস ভাবে হত্যা কৰিছিল। ইয়াৰ পাছত ডিকালমুখ, ৰাধাচু আৰু নাহৰজনত তিনিটা বন শিবিৰ স্থাপন কৰা হয় যদিও অৰুণাচলীৰ দপদপনিৰ শাম নাকাটিল। গতিকে উল্লেখিত বিবাদমান ভূমিত অৰুণাচলীয়ে অব্যাহত ৰখা তাণ্ডৱ বন্ধ কৰাৰ ক্ষেত্ৰত জিলা প্ৰশাসন আৰু বন বিভাগে শীঘ্ৰে ব্যৱস্থা গ্ৰহণ কৰিব লাগে বুলি নেচাৰ্ছ বন্য প্ৰাণ আৰু প্ৰাকৃতি প্ৰেমী ৰাইজে দাবী জনাইছে।
অমিতাভ বৰুৱা : বৰগাং

You might also like