নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কমিছে জন্মহাৰ,চীনত অভিলেখ

১৯৪৯ চনৰ পাছত প্ৰথমবাৰৰ বাবে ২০২১ চনত চীনত আটাইতকৈ কমিল জন্ম হাৰ। বিশ্বৰ সৰ্বাধিক জনসংখ্যাৰ দেশখনত এয়া অভিলেখ। প্ৰাপ্ত তথ্য মতে, চীনৰ মূল ভূ-খণ্ডত ২০২১ চনৰ জন্মহাৰ প্ৰতি এহেজাৰ লোকৰ মাজত ৭.৫২। উল্লেখনীয় যে, দশক পুৰণি চীনৰ এটি সন্তানৰ নীতি ২০১৬ চনত আঁতৰাই দুটি সন্তানলৈ বৃদ্ধি কৰা হৈছে। দেশখনত কাৰ্যক্ষম মানুহৰ সংখ্যা কমি অহাৰ প্ৰতি লক্ষ্য কৰি যোৱা বছৰৰ পৰা তিনিটালৈ সন্তান জন্ম দিয়াৰ নীতি গ্ৰহণ কৰা হৈছে।কিন্তু লালন-পালনৰ অতিমাত্ৰা খৰচৰ বাবেই নগৰীয়া অঞ্চলত কোনেও ইচ্ছা নকৰে অধিক সন্তান জন্ম দিবলৈ।

You might also like