নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

IPL 2026ৰ আৰম্ভণিৰ মেচৰ পৰা বাহিৰ ধোনী

IPL 2026 আৰম্ভণিৰ পূৰ্বে চেন্নাই ছুপাৰ কিংছৰ অনুৰাগীৰ বাবে বেয়া খবৰ আহিছে। দলটোৰ জ্যেষ্ঠ তাৰকা মহেন্দ্ৰ সিং ধোনী অন্ততঃ দুটা সপ্তাহৰ বাবে খেলপথাৰৰ পৰা দূৰত থাকিব।

দলটোৱে প্ৰকাশ কৰা চৰকাৰী বিবৃতি অনুসৰি ধোনীয়ে পিণ্ডলীৰ মাংসপেশীত টান (calf strain) পোৱাৰ বাবে বৰ্তমান ৰিহেবিলিটেচন চলাই আছে। এই কাৰণেই IPL 2026ৰ আৰম্ভণিৰ প্ৰায় দুটা সপ্তাহ তেওঁ খেলিব নোৱাৰিব।

চেন্নাই ছুপাৰ কিংছৰ প্ৰথমখন মেচ ৩০ মাৰ্চত ৰাজস্থান ৰয়েলছৰ বিপক্ষে গুৱাহাটীত অনুষ্ঠিত হ’ব। ইয়াৰ লগে ধোনী অনুৰাগীৰ আশাও নিৰ্বাপিত হল গুৱাহাটীত দেখাৰ। বহু আশাৰ গুৱাহাটীত ধোনীক চোৱাৰ আশা কৰিছিল অনুৰাগীয়ে। কিন্তু ধোনী আৰম্ভণিৰ মেচৰ পৰা বাহিৰ হোৱাত সেই আশা পূৰণ নহল অনুৰাগীৰ।

উল্লেখযোগ্য যে ৪৪ বছৰীয়া ধোনীয়ে নিজৰ নেতৃত্বত চেন্নাই ছুপাৰ কিংছক ৫টা IPL খিতাপ জয় কৰাইছে। ২০২০ চনত আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰ লোৱাৰ পিছত তেওঁ কেৱল IPLতেই খেলি আহিছে, আৰু এইটো তেওঁৰ খেলুৱৈ হিচাপে অন্তিম IPL হ’ব পাৰে বুলি ধাৰণা কৰা হৈছে।

ডিজিটেল ডেস্ক, ২৮ মাৰ্চ

You might also like