নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আনলক স্কুলঃ সোমবাৰৰ পৰা আৰম্ভ হ’ব দশম শ্রেণীৰ পাঠদান

নিয়মীয়া বাৰ্তা, ১৭ ছেপ্টেম্বৰঃ  অসমৰ ক’ভিড পৰিস্থিতি ক্রমাৎ উন্নত হোৱাত ‘আনলক স্কুল’ প্রক্রিয়া আৰম্ভ কৰিছে ৰাজ্য চৰকাৰে৷ স্নাতক–স্নাতকোত্তৰ বা সমপর্যায়ৰ পাঠ্যক্রমৰ চূড়ান্ত ষাণ্মাসিক আৰু দ্বাদশ শ্রেণীৰ পাছত এইবাৰ দশমমানৰ পাঠদান পর্ব আৰম্ভ কৰাৰ সিদ্ধান্ত গ্রহণ কৰা হৈছে৷ স্বাস্থ্য বিভাগে দাখিল কৰা প্রতিবেদনমর্মে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ অধ্যক্ষতাত বৃহস্পতিবাৰে অনুষ্ঠিত কেবিনেট বৈঠকে এই সন্দর্ভত অনুমতি প্রদান কৰে৷

কেবিনেট বৈঠকৰ অন্তত এখন সংবাদ মেলযোগে শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৱে সদৰী কৰা অনুসৰি অহা ২০ ছেপ্টেম্বৰ অর্থাৎ সোমবাৰৰ পৰা ৰাজ্যৰ চৰকাৰী–বেচৰকাৰী হাইস্কুল, হাইমাদ্রাছা, আৱাসিক বিদ্যালয় আৰু দিবা ব’র্ডিং শিক্ষানুষ্ঠানত দশম শ্রেণীৰ পাঠদান আৰম্ভ হ’ব৷ শিক্ষামন্ত্রী ডাঃ পেগুৱে কয়– ক’ভিড পৰিস্থিতি শাম কটাৰ লগে লগে স্নাতক–স্নাতকোত্তৰ চূড়ান্ত ষাণ্মাসিক আৰু দ্বাদশ শ্রেণীৰ পাঠদান আৰম্ভ কৰিছিলোঁ৷

বৃহস্পতিবাৰে কেবিনেটত স্বাস্থ্য বিভাগে অসমৰ ক’ভিড পৰিস্থিতি উন্নত হোৱা সম্পর্কত প্রতিবেদন দাখিল কৰে৷ ইয়াৰ পাছতে কেবিনেটে অহা ২০ ছেপ্ঢেম্বৰৰ পৰা দশম শ্রেণীৰ পাঠদান আৰম্ভ কৰাৰ সিদ্ধান্ত গ্রহণ কৰিছে৷ প্রতিটো শ্রেণীকোঠাত ৩০জনকৈ শিক্ষার্থীক লৈ পাঠদান পর্ব আৰম্ভ হ’ব বুলি তেওঁ স্পষ্ট কৰি দিয়ে৷ যদিহে অতিৰিক্ত ছাত্র–ছাত্রী থাকে, তেন্তে সংশ্লিষ্ট বিদ্যালয়সমূহে ‘ছেকচন’ৰ ব্যৱস্থা কৰিব বুলি উল্লেখ কৰি তেওঁ পুনৰ কয় যে শিক্ষানুষ্ঠান খোলাৰ আগতে প্রয়োজনীয় ছেনিটাইজেচন, পৰিষ্কৰণ আদি গোটেইখিনি ব্যৱস্থা আজিৰ পৰা আৰম্ভ কৰাৰ বাবে মই সকলো বিদ্যালয় কর্তৃপক্ষক অনুৰোধ জনাইছোঁ৷ আমি এসপ্তাহ বা ১০ দিন পর্যবেক্ষণ কৰি পর্যায়ক্রমে বিদ্যালয়সমূহত পাঠদান আৰম্ভ কৰাৰ দিশে গতি কৰিছোঁ৷ ইয়াৰ বাবে সকলো অভিভাৱক আৰু ছাত্র–ছাত্রী প্রস্তুত হৈ থাকক৷ এতিয়ালৈকে স্নাতক–স্নাতকোত্তৰ চূড়ান্ত ষাণ্মাসিক আৰু দ্বাদশ শ্রেণীৰ যথেষ্টখিনি ছাত্র–ছাত্রী শিক্ষানুষ্ঠানলৈ আহি পাঠগ্রহণ কৰিছে৷ ক’ৰো পৰা কোনোধৰণৰ অনাকাংক্ষিত পৰিস্থিতিৰ প্রতিবেদন আমালৈ অহা নাই৷ তাৰ পৰিপ্রেক্ষিততে আজি আমি দশম শ্রেণীতো পাঠদান আৰম্ভ কৰাৰ সিদ্ধান্ত গ্রহণ কৰিছোঁ৷ ইয়াৰ পৰৱর্তী পর্যায়ত বাকী শ্রেণীসমূহতো পর্যায়ক্রমে পাঠদান আৰম্ভ কৰাৰ বাবে শিক্ষা বিভাগে সিদ্ধান্ত ল’ব৷ ইতিমধ্যে ছেবাই দশম শ্রেণীৰ পাঠ্যক্রম ২৪ শতাংশ সংকুচিত কৰি সেয়া প্রকাশ কৰিছে বুলিও শিক্ষামন্ত্রী ডাঃ পেগুৱে উল্লেখ কৰে৷

ইফালে কেবিনেটে অনুমতি দিয়াৰ পাছতে দশম শ্রেণীৰ পাঠদান সন্দর্ভত শিক্ষা বিভাগে নতুন মানক সঞ্চালন প্রক্রিয়া (এছ অ’ পি) জাৰি কৰিছে৷ এছ অ’ পিত উল্লেখ কৰা অনুসৰি জিলাসমূহৰ ক’ভিড পজিটিভিটীৰ হাৰ ২ শতাংশৰ তলত থকাৰ ভিত্তিতহে দশম শ্রেণীৰ পাঠদান পুনৰ মুকলি কৰিবলৈ লোৱা হৈছে৷ যদিহে কোনো জিলাৰ পজিটিভিটীৰ হাৰ এটা নির্দিষ্ট দিনত ২ শতাংশৰ ওপৰত যায়, তেন্তে উপায়ুক্তই এন এইচ এমৰ অভিযান সঞ্চালকৰ সৈতে আলোচনা কৰি পজিটিভিটীৰ হাৰ ২ শতাংশৰ তললৈ নহা পর্যন্ত শিক্ষা প্রতিষ্ঠানসমূহ বন্ধ ৰাখিব পাৰিব৷ দশম, দ্বাদশ আৰু স্নাতক–স্নাতকোত্তৰ লগতে কাৰিকৰী শিক্ষা প্রতিষ্ঠানসমূহৰ চূড়ান্ত ষাণ্মাসিকক বাদ দি আন শ্রেণীসমূহৰ পাঠদান পৰৱর্তী নির্দেশ নিদিয়া পর্যন্ত বন্ধ থাকিব৷ কেৱল দশম আৰু দ্বাদশ শ্রেণীৰ ছাত্র–ছাত্রীসকলৰ বাবে শিক্ষা প্রতিষ্ঠানসমূহৰ হোষ্টেলসমূহো খোলাৰ অনুমতি দিয়া হৈছে৷ ২০ ছেপ্টেম্বৰত আৰম্ভ হ’বলগীয়া পাঠদানৰ পূর্বৰ তিনিটা দিন শিক্ষক আৰু কর্মচাৰীসকলক প্রতিষেধক প্রদানৰ বাবে বিদ্যালয়সমূহ খোলাৰ অনুমতি দিয়া হৈছে৷ তদুপৰি সকলো শিক্ষানুষ্ঠানে প্রথমৰ পৰা নৱম আৰু একাদশ শ্রেণীৰ ছাত্র–ছাত্রীসকলৰ বাবে অনলাইনযোগে পাঠদান অব্যাহত ৰাখিব৷ প্রতিখন বিদ্যালয় তথা শিক্ষানুষ্ঠানে প্রতি সপ্তাহান্তিকত ছেনিটাইজ কৰাটো বাধ্যতামূলক আৰু ক’ভিড বিধি কঠোৰভাৱে মানি চলিব লাগিব৷ শিক্ষা প্রতিষ্ঠানৰ মুৰব্বীয়ে শিক্ষক–কর্মচাৰীসকল প্রতিষেধক লোৱাটো নিশ্চিত কৰাৰ কথাও এছ অ’ পিত উল্লেখ কৰা হৈছে৷ কর্তব্যত যোগদান কৰাৰ পূর্বে সকলো শিক্ষক–কর্মচাৰীৰ লগতে হোষ্টেলৰ অধীক্ষক, ৰান্ধনী আদিয়ে প্রতিষেধক লোৱাটো বাধ্যতামূলক৷ যদিহে কোনোবাই প্রতিষেধকৰ দ্বিতীয় পালি নোলোৱাকৈ আছে, তেন্তে নির্দিষ্ট সময়ৰ ভিতৰত তেওঁলোকক দ্বিতীয় পালি প্রদান কৰাটো নিশ্চিত কৰিব লাগিব৷ বিদ্যালয়সমূহে প্রতিষেধকৰ তথ্য সম্বলিত এটা ৰেজিষ্ট্রাৰ বহী প্রস্তুত কৰি প্রতি ১৪ দিনৰ অন্তৰে অন্তৰে সেয়া ৰাজহ চক্র বিষয়াৰ ওচৰত জমা দিব লাগিব৷ দশম আৰু দ্বাদশ শ্রেণীৰ বহু শিক্ষার্থীয়ে ১৮ বছৰৰ অনূর্ধ্বৰ৷ ইয়াৰ প্রতি লক্ষ্য ৰাখি তেওঁলোক শ্রেণীত উপস্থিত থকাৰ সময়ত বিশেষ ব্যৱস্থা লোৱাৰ লগতে বিদ্যালয় কর্তৃপক্ষই ক’ভিড বিধি কঠোৰভাৱে বলৱৎ কৰিব লাগিব৷ বিদ্যালয় খোলাৰ প্রথম সপ্তাহটোত বিদ্যালয় কর্তৃপক্ষই প্রতিদিনে এটা পিৰিয়ড অন্ততঃ ছাত্র–ছাত্রীসকলৰ ছেনিটাইজৰ বাবে দিব৷ মাস্ক আৰু ছেনিটাইজাৰৰ ব্যৱহাৰ বাধ্যতামূলক৷ সেইদৰে শ্রেণীকোঠাত সামাজিক ব্যৱধান বাধ্যতামূলক৷ শ্রেণীকোঠাৰ বাহিৰে–ভিতৰে নূন্যতম ৬ ফুট ব্যৱধান নিশ্চিত হ’ব লাগিব৷ সেইদৰে বিদ্যালয়ত প্রৱেশ কৰাৰ সময়ত ছাত্র–ছাত্রী আৰু শিক্ষক–কর্মচাৰীৰ শৰীৰৰ উত্তাপ প্রতিদিনে জুখিব লাগিব৷ যিবোৰ বিদ্যালয় কোৱাৰেণ্টাইন চেণ্টাৰ হিচাপে ব্যৱহাৰ কৰা হৈছিল, সেই বিদ্যালয়সমূহ খোলাৰ পূর্বে ছেনিটাইজ কৰাৰ ওপৰত গুৰুত্ব প্রদান কৰা হৈছে৷ অকল বিদ্যালয় গৃহই নহয়, সমগ্র চৌহদ, ডেস্ক–বেঞ্চ, শৌচাগাৰ আদিও সঠিকভাৱে ছেনিটাইজ কৰিবলৈ কোৱা হৈছে এছ অ’ পিত৷ কণ্টেইনমেণ্ট জ’নত থকা বিদ্যালয়–শিক্ষা প্রতিষ্ঠানসমূহ চৰকাৰে পৰৱর্তী নির্দেশ নিদিয়া পর্যন্ত খুলিব নোৱাৰিব৷ যিসকল ছাত্র–ছাত্রী, শিক্ষক আৰু বিদ্যালয় প্রশাসকে কোৱাৰেণ্টাইন বা হোম আইছ’লেচনত আছিল, তেওঁলোকে ক’ভিড–১৯ সম্পর্কত সংশ্লিষ্ট চিকিৎসা কর্তৃপক্ষই সক্ষমতাৰ প্রমাণ–পত্র দিলেহে শিক্ষানুষ্ঠানত উপস্থিত হ’ব পাৰিব৷ যদিহে কোনো বিদ্যালয়ত একাধিক ক’ভিড–১৯ পজিটিভ পোৱা যায়, তেন্তে তাৎক্ষণিকভাৱে এনে শিক্ষা প্রতিষ্ঠানসমূহ পৰৱর্তী ৭ দিনৰ বাবে বন্ধ ৰাখিব লাগিব৷ ৭ দিনৰ পাছত জিলা উপায়ুক্তৰ অনুমতি লৈহে সেই শিক্ষা প্রতিষ্ঠানসমূহ খুলিব পাৰিব৷ বিদ্যালয়সমূহ খোলাৰ পূর্বে তাত পৰিষ্কৰণ আৰু ছেনিটাইজাৰৰ সকলো ব্যৱস্থা সঠিকভাৱে ৰাখিবলৈও কোৱা হৈছে৷ ছাত্র–ছাত্রীৰ উপৰি ষ্টাফ ৰুম, কার্যালয় আদিতো সামাজিক ব্যৱধান সঠিকভাৱে মানি চলিব লাগিব৷ বিদ্যালয়ত বাহিৰা লোকৰ প্রৱেশ সম্পূর্ণৰূপে নিষিদ্ধ কৰা হৈছে৷

সংশ্লিষ্ট বিদ্যালয়ৰ মুৰব্বীয়ে ছাত্র–ছাত্রীসকল প্রৱেশৰ সময়ত এজন শিক্ষকক প্রৱেশ পথত আৰু প্রস্থানৰ সময়ত প্রস্থান পথত থকাৰ দায়িত্ব দিব লাগিব৷ পিতৃ–মাতৃ তথা অভিভাৱকৰ আপত্তিহীনতাৰ বিষয়টো দাখিল কৰিহে ছাত্র–ছাত্রীসকল বিদ্যালয়লৈ আহিব পাৰিব৷ যদিহে কোনো ছাত্র–ছাত্রীয়ে সুস্থতা অনুভৱ নকৰে, তেন্তে পিতৃ–মাতৃ তথা অভিভাৱকে তেনে ছাত্র–ছাত্রীক বিদ্যালয়লৈ নপঠিওৱাৰ ব্যৱস্থা ল’ব৷ যিবোৰ অনুষ্ঠানত শাৰীৰিক আৰু সামাজিক ব্যৱধান ৰক্ষা কৰাটো সম্ভৱ নহয়, তেনেধৰণৰ অনুষ্ঠান বিদ্যালয়ত অনুষ্ঠিত কৰিবলৈ অনুমতি দিয়া হোৱা নাই৷ উৎসৱ উদ্যাপন আৰু অনুষ্ঠানৰ আয়োজন বিদ্যালয়সমূহক এৰাই চলিবলৈ কোৱা হৈছে৷ কমেও ৬ ফুট ব্যৱধান ৰক্ষা কৰিহে শ্রেণীকোঠা, মুকলি বা তেনে ঠাইত প্রার্থনাৰ সভা অনুষ্ঠিত কৰাৰ অনুমতি দিয়া হৈছে৷ বিদ্যালয়ৰ যান–বাহন দৈনিক দুবাৰকৈ ছেনিটাইজ কৰিব লাগিব৷ চালক আৰু পৰিচালকে সকলো সময়তে ছাত্র–ছাত্রীৰ পৰা শাৰীৰিক ব্যৱধান ৰক্ষা কৰি চলিব লাগিব৷ ছাত্র–ছাত্রীসকলে পাঠ্যপুথি, বহী, কলম, পেঞ্চিল, টিফিন বক্স, পানীবটল আদি পৰস্পৰে ব্যৱহাৰ কৰাৰ পৰা বিৰত থাকিব লাগিব৷ সেইদৰে ছাত্র–ছাত্রীৰ মাজত খাদ্য–সামগ্রী ভাগ–বাটোৱাৰা কৰাৰ ক্ষেত্রতো অনুমতি দিয়া হোৱা নাই৷

You might also like