নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰঙিয়াত কাইলৈ মিষ্টাৰ কামৰূপ দেহশ্রী প্রতিযোগিতা

নিয়মীয়া বাৰ্তা ২৬ নৱেম্বৰঃ ৰঙিয়াত অহা ২৭ নৱেম্বৰত ১৯সংখ্যক কামৰূপ জিলা দেহশ্রী প্রতিযোগিতাৰ আয়োজন কৰা হৈছে৷ এছ’চিয়েচন অৱ বডী বিল্ডার্ছ, কামৰূপৰ উদ্যোগত আৰু ৰঙিয়াৰ শৰাইঘাট ফিটনেছ চেণ্টাৰৰ সহযোগত ৰঙিয়া মহাবিদ্যালয় প্রেক্ষাগৃহত এই প্রতিযোগিতা অনুষ্ঠিত হ’ব৷ পুৰুষ আৰু মহিলাৰ দুয়োটা শাখাত ওজনৰ হিচাপত ছিনিয়ৰ শাখাত সাতটা কেটেগৰী আৰু জুনিয়ৰ শাখাত পাঁচটা কেটেগৰীত এই প্রতিযোগিতাৰ আয়োজন কৰা হৈছে৷ মাষ্টাৰ কেটেগৰীৰ বাবে বয়সৰ দুটা শাখা থাকিব৷ প্রতিযোগিতাৰ ছিনিয়ৰ শাখাৰ চেম্পিয়ন তথা মিষ্টাৰ কামৰূপ খিতাপৰ অধিকাৰী প্রতিযোগীগৰাকীক ট্রফীৰ উপৰি নগদ ২৫ হাজাৰ টকাৰে পুৰস্কৃত কৰা হ’ব৷

আনহাতে, জুনিয়ৰ শাখাৰ মিষ্টাৰ কামৰূপ খিতাপ অধিকাৰী প্রতিযোগীগৰাকীয়ে ট্রফীৰ লগতে লাভ কৰিব নগদ ১৫ হাজাৰ টকা৷ তদুপৰি ছিনিয়ৰ আৰু জুনিয়ৰ শাখাৰ প্রতিটো কেটেগৰীৰ বিজয়ী প্রতিযোগীকেইগৰাকীকো নগদ ধনেৰে পুৰস্কৃত কৰা হ’ব৷ দেহশ্রী প্রতিযোগিতাখন সুকলমে অনুষ্ঠিত কৰাৰ বাবে ইতিমধ্যে স্থানীয় বিধায়ক তথা ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাক সভাপতি, মিৰাজুল ইছলামক কার্যকৰী সভাপতি আৰু জয়ন্ত শর্মাক সম্পাদক হিচাপে লৈ এখন পৰিচালনা সমিতি গঠন কৰা হৈছে৷ প্রতিযোগিতাত অংশগ্রহণ কৰিব বিচৰা ইচ্ছুক প্রতিযোগীসকলক ৮৭৬১৮–৮২২০৫ নম্বৰত যোগাযোগ কৰিবলৈ উদ্যোক্তাই আহ্বান জনাইছে৷

You might also like