নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অনুশীলনত মগ্ন কোহলি

নিয়মীয়া বাৰ্তা ২৬ নৱেম্বৰঃ নিউজিলেণ্ডৰ বিৰুদ্ধে টি–২০ শৃংখলা আৰু প্রথম টেষ্টৰ পৰা বিশ্রাম ল’লেও ক্রিকেটৰ পৰা আঁতৰি থকা নাই টীম ইণ্ডিয়াৰ তাৰকা বিৰাট কোহলি৷ টেষ্ট ক্রিকেটত দুবছৰ ধৰি শতকৰ মুখ নেদেখা বেটছমেনগৰাকীয়ে এই দীঘলীয়া ব্যর্থতাৰ অৱসান ঘটোৱাৰ লক্ষ্যৰে বিগত তিনি দিন ধৰি মুম্বাইত কঠোৰ অনুশীলনত মগ্ন হৈ আছে৷

মুম্বাইৰ ৱাংখেড়ে ষ্টেডিয়ামত অহা মাহৰ আৰম্ভণিতে নিউজিলেণ্ডৰ বিৰুদ্ধে খেলিবলগীয়া দ্বিতীয় টেষ্টত প্রত্যাৱর্তন ঘটাবলৈ সাজু হোৱা কোহলিয়ে আজি টীম ইণ্ডিয়াৰ প্রাক্তন বেটিং প্রশিক্ষক সঞ্জয় বাংগাৰৰ তত্ত্বাৱধানত দীঘলীয়া সময় ধৰি অনুশীলন চলায়৷ উল্লেখ্য যে বেটিঙত মনোনিৱেশৰ লক্ষ্যৰে তাৰকাগৰাকীয়ে শেহতীয়াকৈ ভাৰতীয় টি–২০ দলৰ নেতৃত্ব ত্যাগ কৰিছে৷ অৱশ্যে টেষ্ট আৰু এদিনীয়াত কোহলিয়ে অধিনায়কৰ দায়িত্ব পালন কৰি যাব৷

You might also like