নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বকোত স্বাস্থ্য বিভাগৰ বিশেষ স্বাস্থ্য শিবিৰ

 

নিয়মীয়া বাৰ্তা;২১ মাৰ্চ::-কামৰূপ জিলাৰ বকোৰ ভেহুৱাত মংগলবাৰে স্বাস্থ্য বিভাগৰ এটি বিশেষ স্বাস্থ্য শিবিৰ অনুষ্ঠিত হয়।কামৰূপ জিলা স্বাস্থ্য সমিতি আৰু বকো খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ উদ্যোগত ‘স্বাস্থ্য সেৱা অভিযান’ শীৰ্ষক এই স্বাস্থ্য শিবিৰ বকোৰ ভেহুৱা চৰকাৰী উচ্চ বুনিয়াদী বিদ্যালয়ত অনুষ্ঠিত হয়।স্বাস্থ্য শিবিৰটো ৰাইজৰ উপস্থিতিত উদ্ধোধন কৰে বিদ্যালয় খনৰ প্ৰধান শিক্ষক দেৱেন বড়োই।এই স্বাস্থ্য শিবিৰত ভেহুৱা চৰকাৰী উচ্চ বুনিয়াদী বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী সকলৰ লগতে ভেহুৱা অঞ্চলৰ বহু লোকক বিভিন্ন ৰোগৰ বিনামূলীয়া স্বাস্থ্য পৰীক্ষা কৰা হয়।এই স্বাস্থ্য শিবিৰত স্বাস্থ্য বিভাগৰ বিভিন্ন আচনি সম্পৰ্কে ৰাইজৰ মাজত সজাগতা অনাৰ উদ্দেশ্যে এখনি সজাগতা সভা ও অনুষ্ঠিত হয়।এই শিবিৰত লোকসকলক আয়ুষ্মান ভাৰতৰ ই কে ৱাই চি আৰু আয়ুস্মান ভাৰত হেল্থ একাউণ্ট নামেৰে বীমা কৰি দিয়া হয়।এই স্বাস্থ্য শিবিৰটোত বকো খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ খণ্ড প্ৰাথমিক চিকিৎসা বিষয়া ড° মণ্টু কুমাৰ দাসৰ লগতে বহুকেইজন জ্যেষ্ঠ চিকিৎসক,নাৰ্চ ৰ লগতে স্বাস্থ্য বিভাগৰ বহু কৰ্মচাৰী উপস্থিত থাকে।

প্ৰেৰক- ছমৰীয়া সত্ৰৰ পৰা প্ৰীতম বায়ন

You might also like