নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভট্টদেৱ বিশ্ববিদ্যালয়ৰ শিক্ষাৰ্থীক মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে দৰ্শন কৰালে বিধান সভাঃ উৎফুল্লিত শিক্ষাৰ্থী

 

নিয়মীয়া বাৰ্তা, ২১ মাৰ্চঃ টেলিভিছনত দেখাৰ তুলনাত বাস্তৱ জীৱনত সংসদীয় গণতন্ত্ৰৰ কাম-কাজ কেনেধৰণৰ হয় সেয়া প্ৰত্যক্ষ কৰাৰ বাবে আজি পাটাছাৰকুছি সমষ্টিৰ বিধায়ক তথা কেবিনেট মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে নিজাববীয়াকৈ চিন্তা-চৰ্চা কৰি বজালীৰ ভট্টদেৱ বিশ্ববিদ্যালয়ৰ ৰাজনীতি বিজ্ঞান বিভাগৰ শিক্ষাৰ্থীসকলক অসম বিধানসভা পৰিদৰ্শন কৰায়৷ মন্ত্ৰীগৰাকীৰ এই অগতানুগতিক কাৰ্যপন্থাক বিভিন্নজনে আদৰণি জনাইছে৷ মন্ত্ৰীগৰাকীৰ বদন্যতাত বিশ্ববিদ্যালয়খনৰ শিক্ষাৰ্থীসকলে বিধানসভাৰ গেলেৰীত বহি অসম বিধানসভাৰ সমগ্ৰ কাম-কাজ প্ৰত্যক্ষ কৰে, যাৰ ফলত আগন্তুক দিনত তেওঁলোক শৈক্ষিক দিশত নিশ্চিত ৰূপত লাভান্বিত হ’ব বুলি মন্ত্ৰী দাসে আশা ব্যক্ত কৰে৷ শিক্ষাৰ্থীসকলে স্বচক্ষে বিধান সভাৰ কাৰ্যপন্থা প্ৰত্যক্ষ কৰি উৎফুল্লিত হৈ পৰে৷ আনহাতে মন্ত্ৰীগৰাকীৰ জড়িয়তে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ সতে শিক্ষাৰ্থীসকলৰ মত বিনিময় কৰাৰ ব্যৱস্থা কৰে৷ মুখ্যমন্ত্ৰীয়ে শিক্ষাৰ্থীৰ দলটোৰ সতে মত বিনিময় কৰি তেওঁলোকক উৎসাহিত কৰে৷ এনেদৰে শিক্ষাৰ্থীৰ দলটোক এনেদৰে সময় দিয়াৰ বাবে মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে মুখ্যমন্ত্ৰী ড৹ শৰ্মাক আন্তৰিক ধন্যবাদ জনায়৷ ইপিনে অসম বিধানসভাৰ চৌহদত আজি ভট্টদেৱ বিশ্ববিদ্যালয়ৰ ৰাজনীতি বিজ্ঞান বিভাগৰ শিক্ষাৰ্থীসকলৰ সৈতে বাৰ্তালাপত মিলিত হৈ আনন্দিত হোৱা বুলি সামাজিক মাধ্যমৰ জৰিয়তে ব্যক্ত কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে সংসদীয় গণতন্ত্ৰৰ কাম-কাজৰ প্ৰত্যক্ষ অভিজ্ঞতা লভাৰ উদ্দেশ্যৰে অসম বিধানসভা পৰিদর্শনৰ বাবে অহা শিক্ষার্থীসকলক এই ভ্রমণে শৈক্ষিক দিশতো যথেষ্ট লাভান্বিত কৰিব বুলি আশা ব্যক্ত কৰাৰ লগতে শিক্ষাৰ্থীসকলক এই ভ্রমণৰ সুবিধা কৰি দিয়াৰ বাবে কেবিনেট মন্ত্ৰী ৰণজিৎ কুমাৰ দাসক ধন্যবাদ জ্ঞাপন কৰে৷ উল্লেখ্য যে আজি বিধানসভা পৰিদৰ্শন কৰোৱাৰ অন্তত ছাত্ৰ-ছাত্ৰীসকলৰ সৈতে মন্ত্ৰী দাসে একেলগে আহাৰ গ্ৰহণৰো ব্যৱস্থা কৰে৷
প্ৰেৰকঃ কল্যাণ কলিতা

You might also like