নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সামৰিক মৰ্যাদাৰে অন্তেষ্টিক্ৰীয়া সম্পন্ন বকোৰ BSF জোৱান ধৃতাশ্ৰী ৰাভাৰ

 

নিয়মীয়া বাৰ্তা;২১ মাৰ্চ::-বহিঃৰাজ্যত অসমৰ যুৱতীৰ চাঞ্চল্যকৰ আত্মহনন।BSFত কৰ্মৰত বকোৰ ধৃতাশ্ৰী ৰাভাৰ মৃত্যুত সমগ্ৰ বকোত শোকৰ ছাঁ পৰিছে।সোমবাৰে কোচবিহাৰত মৃত্যু‌ হৈছিল BSF জোৱান ধৃতাশ্ৰী ৰাভাৰ। মঙ্গলবাৰে পুৱাই কোচবিহাৰৰ পৰা ধৃতাশ্ৰীৰ বকোৰ ডাকুৱাপাৰাস্থিত বাসগৃহলৈ লৈ অনা হল তেঁওৰ নশ্বৰদেহ। ধৃতাশ্ৰীৰ নশ্বৰদেহ বাসগৃহত উপস্থিত হোৱাৰ লগে লগে কান্দোনত ভাগি পৰিল সকলো। ধৃতাশ্ৰীৰ নশ্বৰদেহত শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে সকলোৱে।সীমান্ত সুৰক্ষা বাহিনীৰ বহু বিষয়াৰ উপস্থিতিত সামৰিক মৰ্যাদাৰে অন্তেষ্টিক্ৰীয়া সম্পন্ন কৰা হল মহিলা জোৱান ধৃতাশ্ৰী ৰাভাৰ। উল্লেখ্য যে মহিলা জোৱান ধৃতাশ্ৰীৰ মৃত্যুক পৰিয়ালৰ লোকে মানি লব পৰা নাই আত্মহত্যা বুলি।ধৃতাশ্ৰীৰ পৰিয়ালৰ অভিযোগ অনুসৰি ধৃতাশ্ৰীৰ শৰীৰত স্পষ্ট বহুতো আঘাতৰ চিন।ধৃতাশ্ৰীৰ মৃত্যুৰ সঠিক তদন্ত বিচাৰিছে পৰিয়ালে।

প্ৰেৰক- ছমৰীয়া সত্ৰৰ পৰা প্ৰীতম বায়নৰ প্ৰতিবেদন

You might also like