নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বকো জৱাহৰলাল নেহৰু মহাবিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ ছাত্ৰী সন্মিলনৰ সাধাৰণ সভা সম্পন্ন

 

নিয়মীয়া বাৰ্তা, ১২ মাৰ্চ – কামৰূপ জিলাৰ বৃহত্তৰ বকো অঞ্চলৰ উছ শিক্ষাৰ একমাত্ৰ শিক্ষা অনুস্থান জৱাহৰলাল নেহৰু মহাবিদ্যালয় বকোৰ প্ৰাক্তন ছাত্ৰ ছাত্ৰীৰ উমৈহতীয়া মঞ্চ প্ৰাক্তন ছাত্ৰ ছাত্ৰী সন্মিলনৰ সাধাৰণ সভা এখন আজি অনুষ্ঠিত হয়। মহাবিদ্যালয় খনৰ প্ৰাক্তন ছাত্ৰ ছাত্ৰী সন্মিলনৰ সভাপতি তথা কলেজ খনৰ সহযোগী অধ্যাপক ড : ক্ষীৰোদ ঠাকুৰীয়াৰ সঞ্চালনাত আয়োজন কৰা সভা খনৰ আত ধৰে সম্পাদক শ্যামন্ত বড়োই। সভা খনত সন্মিলনৰ কাৰ্য্যকৰী সভাপতি অঞ্চুমা বডোচা ; বিষয় ববীয়া তথা সহযোগী অধ্যাপক কমলেশ্বৰ ঠাকুৰীয়া ; মহানন্দ দাস ; মানস জ্যোতি ৰাভা ; নৱ ঠাকুৰীয়া ; অমিয় কুমাৰ ৰয় ; কোষাধ্যক্ষ মিন্টু পাটোৱাৰী আৰু কৃষ্ণা ব্ৰহ্ম ; বশিষ্ঠ দেৱ শৰ্মাকে ধৰি বহু সংখ্যক প্ৰাক্তন ছাত্ৰ ছাত্ৰী উপস্থিত থাকে। ইফালে সন্মিলনৰ সভাৰ শেষত সভাই লোৱা সিদ্ধান্ত বোৰ জনোৱা মতে ; বকো জৱাহৰলাল নেহৰু মহাবিদ্যালয়ৰ সমাগত হীৰক জয়ন্তী বৰ্ষৰ কাৰ্য্যসূচী ৰূপায়ণ কৰাত সৰ্বোত্তোৰূপে সহায় কৰিব ; লগতে সাংস্কৃতিক শোভাযাত্ৰা আৰু আমন্ত্ৰিত অতিথি সকলোক আদৰি অনাৰ সিদ্ধান্ত গ্ৰহণ কৰে। ইফালে প্ৰাক্তন ছাত্ৰ ছাত্ৰী সন্মিলনৰ ভৱিষ্যত কাৰ্য্যপন্থাৰ ওপৰত আলোকপাত কৰে। আনহাতে মহাবিদ্যালয়ৰ শৈক্ষিক আৰু আন্তঃগাথঁনিৰ উন্নত মানদণ্ডৰ গুণগত হিচাপ পৰীক্ষা কৰা সংস্থা ” নাক ” অলপতে পদাৰ্পন কৰিব বাবে সন্মিলনৰ সকলো বিষয় ববীয়াই পূৰ্ণ সহযোগ কৰিব বুলি সিদ্ধান্ত গ্ৰহণ কৰে।

প্ৰেৰক – বকোৰ পৰা বিষ্ণু ৰাম দাস।

You might also like