নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

প্রতিৰক্ষা মন্ত্রালয়ৰ ঘোষণাঃ বায়ুসেনাৰ পৰৱর্তী মুৰব্বী এয়াৰ মার্শ্বাল ভি চৌধাৰী

নিয়মীয়া বাৰ্তা ২২ ছেপ্টেম্বৰঃ ভাৰতীয় বায়ুসেনা বাহিনীৰ পৰৱর্তী মুৰব্বী এয়াৰ মার্শ্বাল ভি আৰ চৌধাৰী৷ প্রতিৰক্ষা মন্ত্রালয়ে মঙলবাৰে ভাৰতীয় বায়ুসেনা বাহিনীৰ নতুন মুৰব্বী হিচাপে নিযুক্তি দিয়ে এয়াৰ মার্শ্বাল ভি আৰ চৌধাৰীক৷ বর্তমানৰ বায়ুসেনাৰ মুৰব্বী এয়াৰ চীফ মার্শ্বাল আৰ কে ভাডাউৰিয়াই ৩০ ছেপ্টেম্বৰত অৱসৰ গ্রহণ কৰাৰ পিছতেই এয়াৰ মার্শ্বাল চৌধাৰীয়ে দায়িত্ব গ্রহণ কৰিব৷

১৯৮২ চনৰ ২৯ ডিচেম্বৰত ভাৰতীয় বায়ুসেনা বাহিনীৰ যুঁজাৰু শিতানত নিযুক্তি লাভ কৰি বর্তমান বায়ুসেনাৰ উপ–মুৰব্বী হিচাপে কার্যনির্বাহ কৰি থকা এয়াৰ মার্শ্বাল চৌধাৰীয়ে বিগত কালছোৱাত কেইবাটাও সন্মান লাভ কৰিবলৈ সক্ষম হৈছে৷ পৰম বিশিষ্ট সেৱা মেডেল, অতি বিশিষ্ট সেৱা মেডেল আৰু বায়ুসেনা পদক বিজয়ী এয়াৰ মার্শ্বাল চৌধাৰী৷

You might also like