নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বঙাইগাঁও শোধনাগাৰত বিশ্ব পৰিৱেশ দিৱস উদযাপন

চলিত বৰ্ষত একলাখ গছপুলি ৰোপনৰ লক্ষ্য

নিয়মীয়া বাৰ্তা, ৫ জুন: বিশ্বৰ বিভিন্ন প্ৰান্তত বিশ্ব পৰিৱেশ দিৱস উদযাপন কৰাৰ দৰে বঙাইগাঁও শোধনাগাৰতো আজি এশ গছপুলি ৰোপন কৰি দিবসটি উদযাপন কৰা হয়। ‘Ecosystem Restoration-Reimagine,Recreate and Restore’ থিমক আধাৰ হিচাপে লৈ চলিত বৰ্ষত এক লাখ গছপুলি ৰোপনৰ লক্ষ্যৰে আজি শোধনাগাৰৰ কৰ্মচাৰী সকলৰ আবাসিক চৌহদত বিশ্ব পৰিৱেশ দিৱস উপলক্ষ্যে শোধনাগাৰৰ কাৰ্যবাহী সঞ্চালক তথা শোধনাগাৰ মুৰব্বী এছ পি বৰুৱাই গছপুলি ৰোপন অনুষ্ঠানৰ শুভাৰম্ভ কৰে। অনুষ্ঠানত শোধনাগাৰ মুৰব্বী জনক সংগ দিয়াৰ লগতে গছপুলি ৰোপন কাৰ্যসূচীত অংশগ্ৰহণ কৰে ক্ৰমে এম এম ছেত্ৰী (ভাৰপ্ৰাপ্ত  মুখ্য মহা প্ৰৱন্ধক টি এছ,এইচ এছ এণ্ড ই), এছ বি লহকৰ (চি জি এম টি এছ, এইচ এছ এণ্ড ই), জে জে দাস( চি জি এম টেকনিকেল)।

আজিৰ বিশ্ব পৰিৱেশ দিৱস উদযাপন অনুষ্ঠানত ‘ইণ্ডিয়ান অইল অফিচাৰ্ছ এছোচিয়েছন’ আৰু বিজিআৰ কৰ্মচাৰী সন্থাৰ বিষয়ববীয়া সকলৰ লগতে শোধনাগাৰৰ অন্যান্য বিষয়া-কৰ্মচাৰী সকল উপস্থিত থাকে। গছপুলি ৰোপন কৰাৰ পাছত কাৰ্যবাহী সঞ্চালক তথা শোধনাগাৰ মুৰব্বী এছ পি বৰুৱাই তেওঁৰ চমু ভাষণত উল্লেখ কৰে যে প্ৰতি বছৰে আজিৰ এই নিৰ্দিষ্ট দিনটোত গছপুলি ৰোপন কৰা কাৰ্য পৰিৱেশ ৰক্ষাৰ বাবে যথেষ্ট নহয়। বছৰৰ প্ৰতিটো দিনতে মানুহৰ লগতে অসংখ্য প্ৰাণীৰ আবাসস্থল আমাৰ এই সুন্দৰ পৃথিৱী খনৰ জৈৱ বৈচিত্ৰ আৰু পাৰিপাৰ্শ্বিকতাক সুৰক্ষা প্ৰদান কৰাৰ বাবে আমি সকলোৱে যত্নপৰ হ’ব লাগিব। অকল আমাৰ নিজৰ বাবেই নহয়,আমাৰ ভৱিষ্যত প্ৰজন্মৰ সুৰক্ষাৰ স্বাৰ্থত আমি আমাৰ বসতিস্থল সুন্দৰ পৃথিৱীখনৰ পৰিৱেশ ৰক্ষাৰ হকে কাম কৰি যাব লাগিব।

সম্প্ৰতি ক’ৰোনা অতিমাৰীৰ শংকত কালত আমি মানব জাতিয়ে পৰিৱেশ ৰক্ষাৰ প্ৰয়োজনীয়তা ভালদৰে উপলদ্ধি কৰিব পাৰিছোঁ। পৰিৱেশ সুৰক্ষিত নহ’লে আমিও সুৰক্ষিত নহয়’ বুলি শোধনাগাৰ মুৰব্বী জনে মন্তব্য কৰি পৰিৱেশ ৰক্ষাৰ হকে কাম কৰি যাবলৈ সকলোকে আহ্বান জনায়। আজিৰ বিশ্ব পৰিৱেশ দিৱসৰ লগত সংগতি ৰাখি সম্পূৰ্ণ ‘ক’ভিড-১৯’ প্ৰটোকল মানি  শোধনাগাৰৰ প্ৰসাশনিক ভৱনৰ সভা কক্ষত কাৰ্যবাহী সঞ্চালক তথা শোধনাগাৰ মুৰব্বী এছ পি বৰুৱাই  বিশেষ ‘ই-মেগজিন’ মুকলি অনুষ্ঠানত ‘ই-পৰিৱেশ’ খন ৰিম’টৰ বুটাম টিপি আনুষ্ঠানিক ভাৱে মুকলি কৰে।।

You might also like