নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পৰিৱেশ দিৱসত ডিব্ৰুগড় আপকুৰ এলানি বৃক্ষৰোপণ কাৰ্যসূচী

নিয়মীয়া বাৰ্তা, ৫ জুন — বিশ্ব পৰিৱেশ দিৱস উপলক্ষে ডিব্ৰুগড় জিলা আসাম প্ৰেছ ক’ৰেছপণ্ডেটছ ইউনিয়ন (আপকু)ৰ উদ্যোগত জিলাখনৰ বিভিন্ন প্ৰান্তৰত আপকুৰ সদস্যসকলৰ দ্বাৰা এলানি বৃক্ষৰোপণ কাৰ্যসূচী ৰূপায়ণ কৰা হয়। সম্প্ৰতি ক’ভিড প্ৰ’টকল অনুসৰি আপকুৰ সদস্যসকলে নিজ নিজ এলেকাতে স্হানীয় সচেতন ব্যক্তিৰ সহযোগত বৃক্ষৰোপণ কৰি প্ৰকৃতি-পৰিৱেশলৈ সুস্হ বৰঙণি আগবঢ়াই । এই উপলক্ষে আপকুৰ জিলা সভাপতি লাহোৱালৰ ধৰণী গগৈ, চাবুৱাৰ সদস্য বিশ্বজিত ফুকনে চাবুৱাৰ ঐতিহাসিক ধূমধূমনি টিলাত,টেঙাখাটত আপকুৰ জ্যেষ্ঠ সদস্য দীপক গগৈ, নাহৰকটীয়াত কাৰ্যকৰী সভাপতি উৎপল চলিহা, সদস্য নৱজিৎ দেৱ, দুলীয়াজান অইল চেটেলমেন্টৰ কলনীত স্হানীয় ছাদেকুৰ ৰহমান, হৰিপ্ৰসাদ বৰুৱা, দিপাংকৰ গগৈৰ সহযোগিতাত আপকুৰ সাঃ সম্পাদক কৃষ্ণা গগৈ, উপ সভাপতি ব্ৰজেন গগৈ আদি সদস্যসকলে নিজ অঞ্চলত বিভিন্ন প্ৰজাতিৰ বহুমূলীয়া গছ পুলি ৰোপণ কৰে ।

You might also like