নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নগাঁৱত বেলা মোডীৰ কলঙৰ প্ৰেমত গ্ৰন্থ উন্মোচন

অসমীয়া সাহিত্যৰ সুকীয়া বৈশিষ্ট্য আছেঃ ইছমাইল হুছেইন  

নিয়মীয়া বাৰ্তা, ১৮ অক্টোবৰঃ নগাঁও প্ৰেছ ক্লাবত আজি লেখিকা বেলা মোডীৰ কলঙৰ প্ৰেমত শীৰ্ষক কাব্যগ্ৰন্থখন উন্মোচন কৰা হয়।নগাঁও জিলা সাহিত্য সভাৰ সভাপতি পৰাণ কুমাৰ বৰুৱাৰ সভাপতিত্বত অনুষ্ঠিত গ্ৰন্থখন উন্মোচন কৰি দিয়া ভাষনত বিশিষ্ট সাহিত্যিক ইছমাইল হুছেইনে কয় যে-‘অসমীয়া সাহিত্যৰ এক সুকীয়া বৈশিষ্ট্য আছে।অসমীয়া সাহিত্যৰ দৰে বৈচিত্ৰ্য ভাৰতৰ কোনো ৰাজ্যত পাবলৈ নাই। অসমত বাস কৰা সকলোৱে অসমীয়া ভাষাক মৰ্যাদা দি অসমীয়া সাহিত্য ৰচনা কৰি আহিছে।’

অসমৰ সাম্প্ৰতিক পৰিস্থিতিৰ কথা উল্লেখ কৰি হুছেইনে কয় যে- ‘ধৰ্মই মানুহক কেতিয়াও পৃথক কৰিব নোৱাৰে।’ নিজৰা শইকীয়াই উদ্দেশ্য বাখ্যা কৰা সভাখনত সাহিত্যিক ৰতিমোহন নাথ,ডাঃ ঋষেশ্বৰ ঠেঙাল শইকীয়া,সমাজকৰ্মী মুকুট চন্দ্ৰ ভূঞা,অসম কবি সন্মিলনৰ কাৰ্যকৰী সভাপতি ত্ৰিদীপ লস্কৰ,কবি গৌৰি বল্লভ গোস্বামী,সাংবাদিক কনক হাজৰিকা,শিল্পী জিয়েন্স বৰদলৈ আৰু অঞ্জলী মহন্ত,স্মৃতা কলিতা,তৰা আলোচনীৰ সম্পাদক উজ্জ্বল জ্যোতি দাস আদিয়ে অংশগ্ৰহণ কৰে।অনুষ্ঠানত ডৰথী শইকীয়াই বৰগীত পৰিবেশন কৰে।উল্লেখ্য যে নাৰ্চৰ দৰে সেৱামূলক কাৰ্যত ব্ৰতী হৈ থক বেলা মোডী সাহিত্য চৰ্চা কৰা কাৰ্যক সকলোৱে প্ৰশংসা কৰিছে।

You might also like