নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কলগাছিয়া চাৰিআলি চকত বৰপেটা জিলা পৰিবহন বিভাগৰ তালাচী অভিযান

নিয়মীয়া বাৰ্তা, ১৮ অক্টোবৰঃ সম্প্ৰতি সময়ত দ্ৰুত বেগেৰে মটৰ চাইকেল চলাই সঘনাই দূৰ্ঘটনাগ্ৰস্ত হৈ মৃত্যুমুখত পৰা এক নতুন কথা নহ‌য়। ইয়াৰোপৰি চালকৰ অনুজ্ঞাপত্ৰ অবিহনে, গাড়ীৰ প্ৰয়োজনীয় কাগজ পাতি নথকা সকলে সঘনাই প্ৰবল বেগেৰে গাড়ী চলোৱা বন্ধ কৰাৰ উদ্দেশ্যে আগত ৰাখি আজি বৰপেটা জিলা পৰিবহন বিভাগৰ  এনফৰ্চমেণ্ট বিষয়ববীয়াই কলগাছিয়া চাৰিআলি চকত তালাচী অভিযান অব্যাহত ৰাখে ।

পৰিবহন বিভাগৰ এটি সজাতি দলে বিশেষকৈ বাইক চালক সমূহৰ ওপৰত নজৰ দিয়ে। হেলমেট, জোতা আদি পৰিধান নকৰা আৰু নথি পত্ৰ নথকা বাইক চালক সকলক জৰিমনা বিহাৰ লগতে বাইক চলাওতে পৰিবহন বিভাগৰ নিয়ম নীতি মানি চলিবলৈ আহবান জনায়। সম্প্ৰতি কালত যুৱ সমাজৰ মাজত বৃদ্ধি পোৱা দুৰ্ঘটনা হ্ৰাস কৰাৰ বাবে এনফৰ্চমেণ্টে চলোৱা এই অভিযানক প্ৰশংসা কৰিছে স্থানীয় সচেতন ৰাইজে। অৱশ্যে এই অভিযানকালত এনফৰ্চমেণ্টৰ বিষয়ববীয়া আৰু একাংশ যুৱকৰ মাজত এক হুলস্থুল পৰিৱেশৰ সৃষ্টি হয় যদিও পৰৱৰ্তী সময়ত পৰিৱেশ নিয়ন্ত্ৰণ লৈ আহে।

Input: মফিদুল ইছলাম,কলগাছিয়া

You might also like